ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ( পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ )

অধ্যায় ১

প্ৰশ্নাৱলী : (Page- 6)

১। বায়ুত দহনৰ আগতে মেগেনছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয় ?

উত্তৰ : বায়ুত দহনৰ আগতে মেগেনছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে। কাৰণ অপৰিস্কাৰ মেগনেছিয়াম ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে।

2Mg         +              O2            →            2MgO

২। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তলিত সমীকৰণ লিখা।

(ক) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড

(খ) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

(গ) ছডিয়াম + পানী → ছডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন।

উত্তৰ : (ক)H2 + Cl→           2HCl

                (খ) BaCl2 + Al2 (SO4)3                       →           BaSO4 + AlCl3

(গ) 2Na + 2H2O           →           2NaOH + H2

৩। তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিণ্হ সহ একোটা সন্ত্তলিত ৰাসায়নিক সমীকৰণ লিখা।

(ক) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।

(খ)ছডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ(পানীত) হাইড্ৰ’ক্ল’ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম  ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উত্পন্ন কৰে।

উত্তৰ : (ক)  BaCl2 (aq)  + Na2SO4 (aq)                            BaSO4

(খ)  NaOH (aq) + HCL  →                          NaCl + H2O

প্ৰশ্নাৱলী : 2 (Page- 10)

১। এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ব্যৱহাৰ কৰা হয়।

(ক) পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা।

(খ) পানীৰে সৈতে পদাৰ্থ X  এ কৰা বিক্ৰিয়াটো লিখা।

উত্তৰ :  (ক) X হল চূণ আৰু ইয়াৰ সংকেত CaO

(খ) CaO + H2O Ca (OH)2

2। কাৰ্যকলাপ  1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰীমানৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।

উত্তৰ :  যেতিয়া হাইড্ৰজেন আৰু অক্সিজেন অনুপাতত মিলিত হয়, তেতিয়া পানী উত্পন্ন হয়। অৰ্থাত্ পানীৰ অনুত দুটা হাইড্ৰজেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে, সেইবাবে পানীৰ সংকেত H2O

প্ৰশ্নাৱলী : 3 (Page- 13)

১। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

উত্তৰ : কপাৰ ছালফেট দ্ৰৱণৰ বৰণ নীলা। এই দ্ৰৱণত এটা লোৰ গজাল ডুবালে, নীলা বৰণৰ পৰিবৰ্তন ঘটে। লো, তামতকৈ অধিক সক্ৰিয় হোৱা বাবে, ই তামক অপসাৰণ কৰি ফেৰাছ ছালফেট  আৰু তাম উত্পন্ন হয়।

          Fe(S) + CuSO4(aq) FeSO4(aq) + Cu(S)

২। কাৰ্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰ : Pb(HO3)2 + 2HCL PbCl2(S) + 2HNO3

৩। তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদৰ্থসমূহ বাচি উলিওৱা।

  • 4Na(S) + O2(g) 2Na2O(S)
  • CuO(S) + H2(g) Cu(S) + H2O(L)

উত্তৰ : (i) ছডিয়াম ধাতু জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈ Na2O গঠিত হৈছে। (ii) কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ আৰু হাইড্ৰজেন জাৰিত হৈ H2O গঠিত হৈছে।

6 thoughts on “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ( পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ )”

  1. Sir chemical equation ot symbols of physical states bur jetia likhibo lagibo buli ullekh thake tetiyahe likhibo lage nki jodi ullekh
    nathake nilikhileu hbo ne?

Leave a Comment

Your email address will not be published. Required fields are marked *