ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 1

১। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

     2PbO(S) + C(S) → 2Pb(S) + CO2(g)

(a) লেড বিজাৰিত হৈছে।

(b) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c) কাৰ্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

     (i) (a) আৰু (b)

     (ii) (a) আৰু (c)

     (iii) (a),(b) আৰু (c)

(iv) সকলো

উত্তৰ : অশুদ্ধ উক্তিবোৰ হ’ল :  (i) (a) আৰু (b)

২। Fe2O3 + 2Al → Al2O3 + 2Fe

উপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

  • এটা সংযোজন বিক্ৰিয়াৰ
  • এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ
  • এটা বিযোজন বিক্ৰয়াৰ
  • এটা অপসাৰণ বিক্ৰিয়াৰ

উত্তৰ : (d) এটা অপসাৰণ বিক্ৰিয়াৰ।

৩। কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয় ? শুদ্ধ উত্তৰটি বাচি উলিওৱা।

  • হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উত্পন্ন হয়।

     (b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উত্পন্ন হয়।

     (c) বিক্ৰিয়া নঘটে।

     (d) আইৰন লৱণ আৰু পানী উত্পন্ন হয়।

উত্তৰ : (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উত্পন্ন হয়।

৪। সন্ত্তলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসানিক সমীকৰণ সমূহ কিয় সন্ত্তলিত কৰিব লাগে?

উত্তৰ : সমীকৰণ এটাৰ কাঁড় চিন বা সমান চিন ডালৰ দুয়োফালে প্ৰত্যেকবিধ পৰমাণুৰ সংখ্যা সমান হৈ থাকিলে ইয়াক সণ্ত্তলিত সমীকৰণ বুলি কোৱা হয়।

     ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সাল-সলনি হয়। সেইবাবে সমীকৰণৰ বাওঁফালৰ বিভিন্ন পৰমাণুবিলাকৰ মুঠ সংখ্যা, সোঁফালৰ সেই পৰমাণু বিলাকৰ মুঠ সংখ্যাৰ সমান হ’ব লাগিব।

     2H2 + O2 → 2H2O2

     ওপৰৰ সমীকৰণটোত হাইড্ৰ’জেন পৰমাণুৰ সংখ্যা সমান চিনৰ দুয়োফালে একে। তেনেদৰে অক্সিজেনৰ পৰমাণুৰ সংখ্যাও একে।

৫। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্ত্তলন কৰা।

(ক) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্ত্তত কৰে।

উত্তৰ : 3H2(g) + H2(g) → 2NH3(g)

(খ)হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উত্প্ন কৰে।

উত্তৰ : 2H2S(g) + 3O2(g) → 2H2O(l) + 2SO2(g)

(গ) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধ:ক্ষেপ উত্পন্ন কৰে।

উত্তৰ : 3BaCl2(aq) + Al(SO4)3(aq) → 2AlCl3(aq) + 3BaSO4(s)

(ঘ) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰজেন গেছ উত্পন্ন কৰে।

উত্তৰ : 2K(s) + 2H2O(l) → 2KOH + H2(g)

৬। তলৰ ৰাসায়নিক সমীকৰণ সমূহ সন্ত্তলন কৰা।

  • HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O
  • NaOH + H2SO4 → Na2SO4 + H2O
  • NaCl + AgNO3 → AgCl + NaNO3
  • BaCl2 + H2SO4 → BaSO4 + HCL

উত্তৰ : (a) 2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O

(b) 2NaOH + H2SO4 → Na2Sa4 + 2H2O

(c) NaCl + AgNO3 → AgCl + NaNO3

(d) BaCl2 + H2SO4 → BaSO4 + 2HCL

 ৭।তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্ত্তলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(ক) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী ।

(খ) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ।

(গ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

(ঘ) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।

উত্তৰ : (ক) Ca(OH)2 + CO2 → CaCO3 + H2O

(খ) Zn + 2AgNO3 → Zn(NO3) + 2Ag

(গ) 2Al + 3CuCl2 → 2AlCl3 + 3Cu

(ঘ) BaCl2 + K2SO4 → BaSO4 + 2KCL

৮। তলত দিয়াবোৰৰ বাবে সন্ত্তলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।

(ক) পটেছিয়াম ব্ৰমাইড(aq) + বেৰিয়াম অক্সাইড(aq) → পটেছিয়াম অক্সাইড(aq) + বেৰিয়াম ব্ৰমাইড(s)

(খ) যিংক কাৰ্বনেট(s) → যিংক অক্সাইড(s) + কাৰ্বন ডাই অক্সাইড(g)

(গ) হাইড্ৰ’জেন(g) + ক্ল’ৰিন(g) → হাইড্ৰ’জেন ক্ল’ৰাইড(g)

(ঘ) মেগনেছিয়াম(s) + হাইড্ৰ’ক্লৰিক এছিড(aq)  →  মেগনেছিয়াম ক্ল’ৰাইড(aq) + হাইড্ৰ’জেন(g)

উত্তৰ : (ক) 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(s)

(খ) ZnCO3(s) → ZnO(s) + CO2(g)

(গ) H2(g) + Cl2(g) → 2HCl(g)

(ঘ) Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(g)

৯। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰীয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া।

উত্তৰ : যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উত্পন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়।

যেনে – CH4(g) + 2O2(g) → CO2(g) + 2H2O (g)

আনহাতে, যিবোৰ বিক্ৰিয়াত তাপ শোষণ হয়, সেইবোৰক তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বোলা হয়।

          যেনে – H2(g) + I2(g) → 2HI(g) – 52.2 কি. জুল।

১০। শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ।

উত্তৰ : (ক) শ্বাস কাৰ্যত গ্লুক’জ জাৰিত হৈ CO2, H2O আৰু তাপশক্তি উদ্ভৱ হয়।

(খ) যিহেতু শ্বাসকৰ্য চলাৰ সময়তে তাপশক্তি উদ্ভৱ হয়, সেইবাবে শ্বাসকাৰ্যক তাপবৰ্জী বিক্ৰিয়া বোলে।

১১। বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।

উত্তৰ : এটা বিয়োজন বিক্ৰিয়াত, এটা যৌগ তাপৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়।

Error! Filename not specified.     CaCO3 → CaO + CO2

আকৌ, এটা সংযোজনত, দুই বা ততোধিক মৌল অথবা যৌগ মিলন হৈ এটা নতুন যৌগ গঠন কৰে।

     CO2 + CaO → CaCO3,2SO2 + O2(g) → 2SO3(g)

গতিকে বিযোজন আৰু সংযোজন বিক্ৰিয়া দুটা পৰস্পৰ বিপৰীত বিক্ৰীয়া।

১২। তাপ, পোহৰ আৰু বিদ্যুত্ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰ : এটা বিযোজ বিক্ৰিয়াত এটা যৌগ তাপ, সূৰ্যৰশ্মি, বিদ্যুতৰ প্ৰভাৱত দুই বা ততোধিক অংশলৈ বিখণ্ডিত হয়। যেনে – (i) CaCO3(s) (তাপ)→  CaO(s) + CO2(g)

(ii) 2AgBr (সূৰ্যৰশ্মি)→  2Ag + Br2(g)

(iii) 2H2O (বিদ্যুত শক্তি)→  2H2(g) + O2(g)

১৩। অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰ : এটা অপসাৰণ বিক্ৰিয়াত বেছি সক্ৰিয় ধাতু, কম সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা স্থানান্তৰ কৰিব পাৰে। যেনে – Zn(s) + CuCl2(aq) → ZnCl2(aq) + Cu(s)

কিন্ত্ত, দ্বিঅপসাৰণ বিক্ৰিয়াত দুই বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে। যেনে- NaOH + HCl → NaCl + H2O

১৪। ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত হয়। জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰ : বিক্ৰিয়াটো হ’ল –

     Cu + 2AgO3 → Cu(NO3) + 2Ag

১৫। অধ:ক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰ : যি বিক্ৰিয়াত বিকাৰকবোৰ বিক্ৰিয়া কৰি এটা অদ্ৰাব্য পদাৰ্থ গঠন কৰে। এই অদ্ৰাব্য পদাৰ্থক অধ:ক্ষেপ বোলে। অধ:ক্ষেপ উত্পন্ন হোৱা বিক্ৰিয়াক অধ:ক্ষেপণ বিক্ৰিয়া বুলি ক’ব পাৰি।

যেনে – AgNO3(aq) NaCl(aq) → AgCl(বগা অধ:ক্ষেপ)(s) + NaNO3(aq)

১৬। অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

(ক) জাৰণ।

(খ) বিজাৰণ।

উত্তৰ : জাৰণ : কোনো পদাৰ্থত অক্সিজেন যোগ হোৱাটোকে জাৰণ বোলে। যেনে – বায়ুত কাৰ্বন জ্বলিলে কাৰ্বন ডাই অক্সাইড(CO2) উত্পন্ন হয়।

C + O2 → CO2

2Cu + O2 → 2CuO

বিজাৰণ : বিজাৰণ হৈছে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰ’জেন যোগ কৰা, অক্সিজেন অপসৰণ হোৱা, বিদ্যুত্ ঋণাত্মক মৌল বা যৌগ মূলক যোগ কৰা বা ইলেকট্ৰন যোগ হয়, তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়।

     যেনে – H2 + Cl2 → 2HCl

     ZnO + C → Zn + CO

১৭। এটা উজ্বল মুগা ৰঙৰ মৌল X ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল X আৰু উত্পন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰ : X হ’ল তাম্ৰ ধাতু। ই বায়ুত জাৰিত হৈ CuO গঠ কৰে, যাৰ বৰণ ক’লা হয়।

   2Cu(s) + O2(g) (তাপ)→ 2CuO(s)

১৮। লোৰ বস্ত্তত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰ : লোৰ বস্ত্তৰ ওপৰত ৰঙৰ প্ৰলেপ দি মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি। যেতিয়া বস্ত্তবোৰৰ পৃষ্ঠত ৰঙ কৰা হয়, তেতিয়া পৃষ্ঠত অক্সিজেন আৰু আৰ্দ্ৰ বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰে। ফলস্বৰূপে মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।

১৯। তেল আৰু চৰ্বি থকা খাদ্যবস্ত্ত নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰ :  তেল আৰু চৰ্বি থকা খাদ্যবস্ত্ত নাইট্ৰ’জেন গেছৰ মাধ্যমে পঠোৱা হয়, কাৰণ তেল আৰু চৰ্বিযুক্ত খাদ্য জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। নাইট্ৰ’জেন গেছৰ মাধ্যমে পঠোৱা খাদ্যবস্ত্ত জাৰিত হোৱাত বাধা দিয়ে আৰু খাদ্যবস্ত্ত ভালে থাকে। খাদ্য সামগ্ৰী শীতল যন্ত্ৰত ৰখাৰ ফলত ভাল আৰু চেচাঁ থাকে। চেচাঁ বস্ত্ত জাৰণৰ হ্ৰাস কৰে আৰু খাদ্যবস্ত্ত বেছি সময় ভাল থাকে।

২০। এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(ক) ক্ষয়ীভৱন।

(খ) চৰ্বিৰ দুৰ্গন্ধিতা।

উত্তৰ :  (ক) ক্ষয়ীভৱন : কিছুমান ধাতু অতি সক্ৰিয়। এই ধাতুবোৰ বায়ু, পানী বা জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে, বায়ুৰ অক্সিজেন, CO2 বা জলীয় বাষ্পৰ লগত ৰাসায়িক বিক্ৰিয়া ঘটি ধাতুৰ যৌগত ৰূপান্তৰিত হয়। ইয়াক ধাতুৰ ক্ষয়ীভৱন বোলে। উদাহৰণস্বৰুপে – খোলা ঠাইত এটা লোৰ টুকুৰা ৰাখি দিলে সেই লোৰ টুকুৰাত মামৰে ধৰে। এই মামৰে ধৰা একেধৰণৰ ক্ষয়ীভৱন।

(খ) চৰ্বিৰ দুৰ্গন্ধিতা : এই প্ৰক্ৰিয়াত খাদ্য সামগ্ৰী জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। যেনে – এটুকুৰা বাটাৰ বহুদিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত ৰাখিলে গলি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। অৰ্থাত্ যি প্ৰক্ৰিয়াত খাদ্যবস্ত্ত গলি পচি যায়, তাক চৰ্বিৰ দুৰ্গন্ধিতা বোলে।

Write a comment