সংখ্যা প্ৰণালী (অনুশীলনী 1.2)

নৱম শেণী গণিত

১। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা।

(ক) প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা।

(খ) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য’ত m এটা স্বাভাৱিক সংখ্যা।

(গ) প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা।

উত্তৰ : (ক) সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়।

(খ) অসত্য, কাৰণ সংখ্যাৰেখাত ঋণাত্মক থকা সংখ্যাবোৰক √m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি, য’ত m এটা স্বাভাৱিক সংখ্যা

(গ) অসত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়।

২। সকলো ধণাত্মক সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে ? যদি নহয়, তেনেহ’লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা।

উত্তৰ : সকলো ধণাত্মক সংখ্যাৰ বৰ্গমূল অপৰিমেয় সংখ্যা নহয়। উদাহৰণস্বৰুপে, √4=2 ইয়াত 2 এটা পৰিমেয় সংখ্যা।

৩। সংখ্যাৰেখাত কিদৰে √5 ক সূচিত কৰিব পাৰি দেখুওৱা।

উত্তৰ :

X/OX সৰলৰেখাডালত OA = 1 একক লোৱা হ’ল। A বিন্দুৰ ওপৰত AC লম্ব টনা হ’ল, যাতে AC = 2 একক। এতিয়া সমকোণী ত্ৰিভূজ OAC ৰ পৰা OC = √22+12= √5 পোৱা গ’ল। এতিয়া ‘O’ ক কেন্দ্ৰ কৰি OC ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অংকণ কৰা হ’ল। এই বৃত্তচাপে সংখ্যাৰেখাটোক P বিন্দুত কাটে। এই P বিন্দুৱেই √5 ৰ অৱস্থান নিৰূপন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *