সংখ্যা প্ৰণালী (অনুশীলনী 1.1)

নৱম শ্ৰেণী

1/ শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়? ইয়াক p/q আৰ্হিত (ইয়াত, p,q অখণ্ড সংখ্যা আৰু q≠0) প্ৰকাশ কৰিব পাৰিনে?

উত্তৰ : শূ্ন্যটো এটা পৰিমেয় সংখ্যা হয়। ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি।

ইয়াত, p,q অখণ্ড সংখ্যা আৰু q≠0

অৰ্থাত্, 0=0/1, 0/2 ইত্যাদি।

২। 3আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলিওৱা।

উত্তৰ : ইয়াত,

আমি 3 আৰু 4 ক 6+1 হৰৰ জৰিয়তে প্ৰকাশ কৰিব পাৰো।

অৰ্থাত্ 3= 21/7  আৰু 4= 28/7

গতিকে, 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা হ’ল 22/7, 23/7, 24/7, 25/7, 26/7, 27/7

৩। 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা।

উত্তৰ : 3/5 =3×10/5×10 = 30/50

    4/5 = 4×10/5×10 = 40/50

গতিকে, 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ’ল 31/50, 32/50, 33/50, 34/50 আৰু 35/50

৪। তলৰ উক্তিসমূহ সঁচানে মিছা লিখা। উত্তৰসমূহৰ সমৰ্থত যুক্তি উল্লেখ কৰিবা।

(ক) প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা।

(খ) প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা।

(গ) প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা।

উত্তৰ: (ক) সচাঁ, কাৰণ আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ অন্তৰ্গত।

অৰ্থাত্, পূৰ্ণ সংখ্যা, W={0,1,2,3,…….}

    স্বাভাৱিক সংখা, N={1,2,3,……}

(খ) মিছা, কাৰণ আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ অন্তৰ্গত কিন্ত্ত আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয়।

অৰ্থাত্, অখণ্ড সংখ্যা, I={……-3,-2,-1,0,1,2,3,…..}

    পূৰ্ণ সংখ্যা, W={0,1,2,3,…….}

(গ) মিছা, কাৰণ পৰিমেয় সংখ্যাবোৰ ভগ্নাংশ হ’ব পাৰে কিন্ত্ত পূৰ্ণ সংখ্যা বোৰ ভগ্নাংশ হ’ব নোৱাৰে। যেনে – 3/5, -2/9 ইত্যাদি পৰিমেয় সংখ্য কিন্ত্ত পূৰ্ণ সংখ্যা নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *