শব্দ (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়)

প্ৰশ্নাৱলী-1

১। স্পন্দনশীল বস্ত্ত এটাই মাধ্যমত উত্পন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ?

উত্তৰ: স্পন্দনশীল বস্ত্ত এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণা বিলাকক কপিবলৈ বাধ্য কৰে। কম্পমান বস্ত্তৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা প্ৰথমে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। তাৰ পিছত ই নিকটবৰ্তী কণাটোৰ ওপৰত হল প্ৰয়োগ কৰে ফলত নিকটবৰ্তী কণাটোও তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। নিকটবৰ্তী কণাটো অপসাৰিত কৰা পিছত প্ৰথম কণাটো আগৰ অৱস্থালৈ ওভতি আহে। শব্দ উত্পত্তি স্থানৰ পৰা কাণ নপৰা পৰ্যন্ত এই প্ৰক্ৰিয়াটো চলি থাকে।

প্ৰশ্নাৱলী-2

১। তোমাৰ স্কুলৰ ঘন্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা।

উত্তৰ : স্কুলৰ ঘন্টাটো কোৱাবৰ সময়ত ঘন্টাটোৰ লগত লাগি থকা কণা বিলাক কপিবলৈ বাধ্য কৰে। তাৰ পিছত এই কণাবোৰে নিকটবৰ্তী কণাবোৰো কপিবলৈ বাধ্য হয়। এনেদৰে গোটেই আন্দোলনটো মাধ্যমৰ কণাবোৰৰ মাজেদি সঞ্চালন হয়। সেই আন্দোলনটো আমাৰ কাণত নপৰা পৰ্যন্ত চলি থাকে বাবেই আমি ঘন্টাৰ শব্দবোৰ শুনিবলৈ পাওঁ।

২। শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয়?

উত্তৰ : শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে সেইবাবে শব্দ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়।

৩। ধৰা হওক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা। তোমাৰ বন্ধুয়ে উত্পন্ন কৰা যিকোনো শব্দ শুনিবলৈ সামৰ্থ হ’বানে?

উত্তৰ : শব্দ বিস্তাৰ লাভৰ বাবে জড় মাধ্যৰ বাবে প্ৰয়োজন। জড় মাধ্যম নাথাকিলে শব্দ বিস্তাৰ লাভ কৰিব নোৱাৰে। চন্দ্ৰপৃষ্ঠত বায়ু বা অইন কোনো গেছীয় পদাৰ্থ নাই। সেয়েহ চন্দ্ৰপৃষ্ঠত  মোৰ বন্ধুয়ে উত্পন্ন কৰা যিকোনো শব্দ কৰিলেও শুনা নাযায়।

প্ৰশ্নাৱলী-3

১। তৰংগৰ কি ধৰ্মই (a) তীব্ৰতা আৰু (b) তীক্ষ্মতা নিৰ্ণয় কৰে।

উত্তৰ : (a) শব্দৰ তীব্ৰতা : মূলত তাৰ বিস্তাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। শব্দৰ বিস্তাৰ বৃদ্ধি হলে শব্দৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

(b) তীক্ষ্মতা : তৰংগৰ কম্পনাংকৰ ওপৰত শব্দৰ তীক্ষ্মতা নিৰ্ভৰ কৰে। কম্পনাংক অধিক হলে শব্দৰ তীক্ষ্মতাও বেছি হয়।

২। গাড়ীৰ হৰ্ণ আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্মতা বেছি।

উত্তৰ : গাড়ীৰ হৰ্ণৰ শব্দৰ তীক্ষ্মতা বেছি, কাৰণ গাড়ীৰ হৰ্ণৰ দ্বাৰা সৃষ্টি হোৱা শব্দৰ কম্পনাংক গীটাৰৰ দ্বাৰা সৃষ্টি হোৱা শব্দৰ কম্পনাংতকৈ বেছি।

প্ৰশ্নাৱলী-4

১। শব্দ তৰংগৰ তৰংগ দৈৰ্ঘ্য, কম্পনাংক, পৰ্য্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।

উত্তৰ : তৰংগ দৈৰ্ঘ্য : দুটা একাদিক্ৰমে থকা আৰু একে পৰ্যায়ৰ দোলন বা তৰংগৰ অনুৰূপ বিন্দু দুটাৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে।

কম্পনাংক : প্ৰতি ছেকেণ্ড সময়ৰ অন্তত মাধ্যমৰ মাজেৰে পাৰ হৈ যোৱা মুঠ তৰংগৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে। ইয়াৰ SI একক হ’ল হাৰ্জ(Hz)

পৰ্য্যায়কাল : মাধ্যমৰ কোনো বিন্দুৰে সম্পূৰ্ণ তৰংগ এটা পাৰ হৈ যাবলৈ যিমান সময়ৰ প্ৰয়োজন, তাকে তৰংগটোৰ পৰ্যায়কাল বোলে। ইয়াৰ SI একক S

বিস্তাৰ: দোলনশীল বস্ত্তৱে সাম্য অৱস্থাৰ পৰা দুয়োফালে অতিক্ৰম কৰা গৰিষ্ঠ সৰণক(দূৰত্ব) দোলন গতিৰ বিস্তাৰ বোলে। ইয়াক সাধাৰণতে A ৰে বুজোৱা হয়।

২। শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কি দৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে?

উত্তৰ : শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কি দৰে তাৰ দ্ৰুতিৰ সৈতে সম্পৰ্ক হ’ল : শব্দ তৰংগৰ দ্ৰুতি = কম্পনাংক x তৰংগ দৈৰ্ঘ্য।

৩। প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 m/s আৰু কম্পনাংক 220 Hz ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

উত্তৰ : ইয়াত, শব্দ তৰংগৰ গতি = 440 m/s

         আৰু কম্পনাংক = 220 Hz

         তৰংগ দৈৰ্ঘ্য = ?

আমি জানো যে, শব্দ তৰংগৰ দ্ৰুতি = কম্পনাংক x তৰংগ দৈৰ্ঘ্য

=> 440 = 200 x তৰংগ দৈৰ্ঘ্য

=> তৰংগ দৈৰ্ঘ্য = 440/220 = 2m

৪। উত্সৰ পৰা 450 m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500Hz উত্সৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান?

উত্তৰ : ইয়াত, কম্পনাংক = 550 Hz

             => পৰ্য্যায়কাল, T = 1/কম্পনাংক

                          = 1/550

                          = 0.002 s

প্ৰশ্নাৱলী-5

১। শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি ?

উত্তৰ : শব্দৰ তৰংগৰ প্ৰাৱল্যতা প্ৰতি ছেকেণ্ডত একক ৰাশিৰ মাজেৰে পাৰ হৈ যোৱা শক্তিৰ ওপৰ নিৰ্ভৰ কৰে আৰু কাণে দিয়া সহাঁৰিৰ ওপৰ নিৰ্ভৰ নকৰে। আনহাতে, তীব্ৰতা শক্তি আৰু কাণে দিয়া সহাঁৰিৰ ওপৰ নিৰ্ভৰ কৰে।

প্ৰশ্নাৱলী-6

১। বায়ু পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি?

উত্তৰ : শব্দৰ দ্ৰুতি লোত আটাইতকৈ বেছি (5970 m/s)

প্ৰশ্নাৱলী-6

১।শব্দ এটাৰ প্ৰতিধ্বনি 3s পিছত শুনা গ’ল । প্ৰতিফলক পৃষ্ট আৰু উত্সৰ মাজৰ দূৰত্ব কিমান? দিয়াআছে,শব্দৰ দ্ৰুতি 342m/s

উত্তৰ : ইয়াত, t = 3s

          v = 342 m/s

         d=vt/2

         => d = 342 x 3 / 2

             = 513m

প্ৰশ্নাৱলী-7

১। সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয়?

উত্তৰ : সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ হয় যাতে শব্দ প্ৰেক্ষাগৃহ বা প্ৰতিটো চুক কোণলৈ যাব পাৰে। বক্ৰাকৃতিৰ ধ্বনিফলক প্ৰেক্ষাগৃহত স্থাপন কৰা হয় যাতে ধ্বনি ফলকত প্ৰতিফলিত হৈ শব্দ তৰংগ হ’ল ঘৰ সমূদায় প্ৰস্থত সুষমভাৱে বিয়পি পৰে।

প্ৰশ্নাৱলী-8

১। সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ কি?

উত্তৰ : সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ হ’ল প্ৰায় 20 হাৰ্জৰ পৰা 20,000 হাৰ্জলৈকে।

২। (a)অৱশব্দ আৰু (b)অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি?

উত্তৰ : (a)অৱশব্দৰ কম্পনাংকৰ পৰিসৰ হ’ল 20 হাৰ্জতকৈ কম।

b)অতিশব্দৰ কম্পনাংকৰ পৰিসৰ হ’ল 20,000 হাৰ্জতকৈ বেছি।

প্ৰশ্নাৱলী-9

১। শিহু জাহাজ এখনে নিৰ্গত কৰা চনাৰ স্পন্দন এটা সমূদ্ৰ তলিৰ টিলা এটাত খুন্দা খাই 1.02s ত উভতি আহিল। যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 m/s হয়, তেন্তে টিলাটোৰ দূৰত্ব কিমান?

উত্তৰ : ইয়াত, শিহু জাহাজ এখনে নিৰ্গত কৰা চনাৰ স্পন্দন এটা সমূদ্ৰ তলিৰ টিলা এটাত খুন্দা খাই আহোতে সময় লাগে,t= 1.02s

লুণীয়া পানীত শব্দৰ দ্ৰুতি,v= 1531m/s

টিলাটোৰ দূৰত্ব,d= ?

আমি জানো যে, d=vt/2

         =1531 x 1.02 / 2

         = 780.9 m

Write a comment