শব্দ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান অধ্যায়-২

১। শব্দ কি আৰু ইয়াক কেনেকৈ উত্পন্ন কৰা হয়?

উত্তৰ : শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়। বিভিন্ন বস্ত্তৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়।

২। শব্দৰ উত্সৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱন কেনেকৈ উত্পন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰ : স্পন্দনশীল বস্তুৱে সন্মূখৰ বায়ু খিনিক ঠেলি সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটা সৃষ্টি কৰে এনে অঞ্চলক সংকোচন বা ঘনীভৱন বোলে। যেতিয়া স্পন্দনশীল বস্ত্তৱে পিছলৈ উভতি আহে তেতিয়া ই নিম্ন চাপ অঞ্চলৰ সৃষ্টি কৰে তাক তনুভৱন বোলে।

৩। শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।

উত্তৰ : পৰীক্ষা : বায়ুৰূদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘন্টা এটা ওলোমোৱা হ’ল। চিত্ৰত দেখুৱাৰ দৰে বেলজাৰটো বায়ু নিষ্কাশন পামপ এটাৰ লগত সংযোগ কৰি থোৱা হ’ল। এতিয়া চুইছ দিলে ঘন্টাটোৰ শব্দ শুনিবলৈ পাম। এতিয়া পাম্পটো চলোৱা হ’ল। বেলজাৰটোৰ ভিতৰৰ বায়ু লাহে লাহে নিষ্কাশিত হৈ থকা অবস্থাত একে প্ৰবাহেই ঘন্টাটোৰ মাজেৰে বৈ থকা স্বত্বেও ঘন্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব। কিছুসময়ৰ পিছত যেতিয়া বেলজাৰটোৰ ভিতৰত অতি কম পৰিমাণৰহে বায়ু অৱশিষ্ট থাকিব তেতিয়া তুমি অতিশয় সৰু শব্দহে শুনিম। যদি ইয়াৰ ভিতৰৰ বায়ুখিনি সম্পূৰ্ণৰূপে নিষ্কাশিত কৰা হয়, তেতিয়া আমি ইয়াৰ শব্দ শুনিবলৈ নাপাওঁ।

৪। শব্দ তৰংগক অনুদৈৰ্ঘ তৰংগ বুলি কিয় কোৱা হয় ?

উত্তৰ : শব্দ তৰংগৰ মাধ্যমৰ কণাবোৰ সাম্য অৱস্থাৰ পৰা অগা-পিছা কৰি দোলন কৰে। এনে তৰংগত মাধ্যমৰ কণাবোৰ আন্দোলন অগ্ৰসৰ হোৱা দিশত সমান্তৰাল ভাৱে গতিশীল হয়। সেয়েহ শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলে।

৫। অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা ?

উত্তৰ : শব্দৰ বৈশিষ্ট্য স্বৰ (tone) দ্বাৰা বন্ধুক চিনাক্ত কৰিব পৰা যায়।

৬। বিজুলি আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্ত্ত বিজুলী দৃশ্যমান হোৱাৰ কেই ছেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায়, কিয় ?

উত্তৰ : বায়ুত পোহৰৰ বেগ শব্দৰ বেগতকৈ বেছি হোৱাৰ বাবে বিজুলী দৃশ্যমান হোৱাৰ কেই ছেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায়।

৭। ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20Hz – 20KHz ৰ ভিতৰত। এই দুটা তৰংগ কম্পনাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাৰূপিক তৰংগ দৈৰ্ঘ্য কিমান ? বায়ুত শব্দৰ দ্ৰুতি 344m/s বুলি ধৰা।

উত্তৰ : তৰংগৰ তৰংগ দৈৰ্ঘ্য যাৰ কম্পনাংক = 20Hz

= শব্দৰ বেগ/কম্পনাংক = 344ms-1/20Hz = 1.72m

আকৌ, 20,000Hz কম্পনাংক বিশিষ্ট শব্দৰ তৰংগ দৈৰ্ঘ্য = শব্দৰ বেগ/কম্পনাংক = 344ms-1/20,000Hz = 0.0072m

৮। এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্ৰ আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা।

উত্তৰ : এলুমিনিয়ামৰ মাজেৰে যাওঁতে শব্দৰ সময় / বায়ুৰ মাজেৰে যাওঁতে শব্দৰ সময় = বায়ুত শব্দৰ বেগ / এলুমিনিয়ামৰ শব্দৰ বেগ

=> TAl /Tair = 346/6420

=>  TAl : Tair = 346 : 6420

৯। শব্দৰ উত্স এটাৰ কম্পনাংক 100Hz । ই এক মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব?

উত্তৰ : শব্দৰ উত্স এটাৰ কম্পনাংক = 100Hz

সময়,t = 1m = 60s

এতেকে, সম্পূৰ্ণ(t) কন্পনৰ সংখ্যা = ν x t

                      = 100 x 60

                      = 6000

১০। পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা ?

উত্তৰ : পোহৰে মানি চলা সূত কেইটা শব্দয়েও মানি চলে। শব্দৰ প্ৰতিফলন সমতল প্ৰতিফলকৰ দ্বাৰা হ’ব পাৰে। চিত্ৰত দেখুৱাৰ দৰে (S1S2) এটা মিহি অথবা খহটা প্ৰতিবন্ধক লোৱা হ’ল। এতিয়া এই মিহি প্ৰতিবন্ধকৰ ওপৰত এনেদৰে দুটা নলী অনুভূমিকভাবে ৰখা হ’ল যাতে সিহঁতৰ অক্ষৰেখা প্ৰতিবন্ধকৰ O বিন্দুত মিলিত হয় আৰু এই O বিন্দুৰ পৰা প্ৰতিবন্ধকৰ ওপৰত অতিলম্ব ON । যাতে, <AON=<CON অৰ্থাত্ A ৰ পৰা C ত শব্দ পোণপটীয়াকৈ যাব নোৱাৰে। এতিয়া AB নলীৰ মূখত এটা শব্দকাৰী ঘড়ী ৰাখি CD নলীৰ C মূখত কাণ ৰাখিলে টিক টিক শব্দ শুনা যায়। ইয়াৰ পৰা প্ৰমাণিত হয় যে, পোহৰৰ দৰে শব্দও প্ৰতিফলিত হব পাৰে আৰু শব্দৰ আপতন কোণ <AON আৰু প্ৰতিফলন কোণ <CON পৰস্পৰ সমান।

১১। দূৰৰ বস্ত্ত এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয়। ধৰা হওঁক, শব্দৰ উত্স আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতোকৈ গৰম দিন এটাত প্ৰতিধ্বিনিৰ শব্দ শুনিবানে?

উত্তৰ : যেতিয়া ‘d’ দূৰৰ বস্ত্ত এটাত শব্দ প্ৰেৰণ কৰা হয় আৰু প্ৰতিফলিত হয় তেতিয়া প্ৰতিধ্বনিৰূপে ঘূৰি আহে। প্ৰতিধ্বনিৰূপে ঘূৰি আহে। প্ৰতিধ্বনিৰ সময়, t= 2d/v, য’ত V হ’ল শব্দৰ বেগ।

    গৰম দি এটাত শব্দৰ বেগ তুলনামূলকভাৱে বেছি হয়। ফলত প্ৰতিধ্বনি কম সময় পিছত শুনা যায়। অৰ্থাত্ ঠাণ্ডা কালত প্ৰতিধ্বনিৰ শব্দ বেছি সময় লাগে।

১২। শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।

উত্তৰ : শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ –

(i) ধ্বনিবৰ্দ্ধক বা মেগাফ’ন হৰ্ণ, শিঙ্গা আৰু চেহনাই জাতীয় বাদ্যযন্ত্ৰ আদিৰে শব্দ তৰংগক বিক্ষিপ্ত নকৰাকৈ কোনো এক বিশেষ দিশত সঞ্চালিত কৰা হয়।

(ii) ষ্টেথ’ষ্কপ হৈছে মানুহৰ শৰীৰৰ অভ্যন্তৰৰ মখ্যত হৃদপিণ্ড আৰু হাওঁফাওঁত উত্পন্ন শব্দ বাহিৰৰ পৰা শুনিব পৰা এবিধ চিকিত্সা সঁজুলি। ষ্টেথ’ষ্কপত ৰোগীৰ হৃদস্পন্দনৰ শব্দ পুন: পুন: প্ৰতিফলনৰ যোগেদি চিকিত্সকৰ কাণত পৰে।

১৩। 500m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হ’ল। পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব? দিয়া আছে g=10m/s2 আৰু শব্দৰ দ্ৰুতি = 340m/s

উত্তৰ : (i)ইয়াত, u=0, s=500m,  g=10m/s2

 আমি জানো যে, s=ut +1/2gt2

         => 500 = 0+1/2x10xt2

         => 500 = 5t2

         => t2    = 500/5

         => t2    = 100

         => t = 10s

এতেকে, শিলগুটিটো পানীৰ পাদদেশলৈ যাওঁতে সময় লাগে =10s

(ii) আকৌ, ইয়াত, s=500m, v=340m/s

এতেকে, S=tv

=> 500=340 x t

=> t = 500/340

    = 1.47s

এতেকে, পানীৰ পৰা স্তম্ভটোৰ শীৰ্ষত শব্দ গৈ পোৱাত সময় লাগে 1.47s

গতিকে, নিৰ্ণেয় সময় = 10+1.47

             = 11.47s

১৪। শব্দ তৰংগ এটা 339 m/s দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্ৰাব্য হ’বনে?

উত্তৰ : ইয়াত, শব্দৰ তৰংগ দৈৰ্ঘ্য = 1.5cm

শব্দৰ বেগ = 339m/s

কম্পনাংক = শব্দৰ বেগ /তৰংগ দৈৰ্ঘ্য

         = 339/0.015

         = 22600Hz

এই কম্পনাংকবিশিষ্ট শব্দ শ্ৰাৱ্য নহয়। কাৰণ, শব্দৰ কম্পনাংক 20Hz তকৈ কম বা 20,000Hz তকৈ বছি হ’লে মানুহৰ কাণেৰে শব্দ শুনা নাযায়।

১৫। অনুৰণন কাক বোলে ? ইয়াক কেনেকৈ কমাব পাৰি?

উত্তৰ : শব্দৰ বাৰম্বাৰ প্ৰতিফলন হোৱাকেই অনুৰণন বোলে।

    অনুৰণন কমাবৰ বাবে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচ, শব্দ শোষণকাৰী পদাৰ্থ যেনে আঁহযুক্ত প্ৰচাপিত বৰ্ড খহটা প্লাষ্টাৰ বা ডাঠ পদাৰ্থৰে আবৰা হয়। তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰা হয়।

১৬। শব্দৰ তীব্ৰতা কাক বোলে?  কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?

উত্তৰ : শব্দৰ প্ৰাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সহাঁৰিয়েই হ’ল শব্দৰ তীব্ৰতা।

শব্দৰ তীব্ৰতা তলত উল্লেখ কৰা কাৰকবোৰৰ ওপৰত নিৰ্ভৰশীল।

(i) শব্দৰ তীব্ৰতা শব্দৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল। আৰু

(ii) শব্দৰ উত্সৰ পৰা নিৰীক্ষকৰ দূৰত্বৰ ওপৰত শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে।

১৭। চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে?

উত্তৰ :

বাদুলিয়ে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰি আৰু তাৰ প্ৰতিফলন ধৰা পেলাই চিকাৰ বিচাৰে আৰু অন্ধকাৰত উৰি ফুৰে। বাদুলিৰ অতি তিক্ষ চেঁয়ানিবোৰ প্ৰতিবন্ধক বা চিকাৰৰ পৰা প্ৰতিফলিত হৈ চিত্ৰত দেখুৱাৰ দৰে বাদুলিৰ কাণলৈ উভতি আহে। প্ৰতিফলিত তৰংগৰ প্ৰকৃতিৰ পৰা বাদুলিয়ে প্ৰতিন্ধকৰ অৱস্থান আৰু প্ৰকাৰৰ উমান পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *