বৃত্ত(Circles)

অধ্যায়-১০ আৰম্ভনি : সংজ্ঞা  :

বৃত্ত : এখন সমতলত থকা এটা স্থিৰ বিন্দু পৰা সমদূৰত্বত থকা বিন্দু কিছুমানৰ দ্বাৰা অংকিত বন্ধ চিত্ৰটোকেই বৃত্ত বুলি কোৱা হয়।

ব্যাস : বৃত্ত কেন্দ্ৰ মাজেৰে যোৱা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ ব্যাস বুলি কোৱা হয়।

ব্যাসাৰ্ধ : বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ ব্যাসাৰ্ধ বুলি কোৱা হয়। (ব্যাসৰ আধাক ব্যাসাৰ্ধ বোলে।)

জ্যা : বৃত্তৰ যি্কোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ জ্য বুলি কোৱা হয়।

ছেদক : যি্কোনো দুটা বিন্দু ছেদ কৰা ৰেখাক বৃত্তটোৰ ছেদক বুলি কোৱা হয়।

স্পৰ্শক : বৃত্তৰ যিকোনো এটা বিন্দুত স্পৰ্শ কৰা ৰেখাক বৃত্তটোৰ ছেদক বুলি কোৱা হয়।

স্পৰ্শবিন্দু : বৃত্তৰ স্পৰ্শক আৰু উমৈহতীয়া বিন্দুটোক বৃত্তটোৰ স্পৰ্শবিন্দু বুলি কোৱা হয়।

পৰিধি  :  বৃত্তৰ বিন্দুসমূহে সৃষ্টি কৰা ঘূৰণীয়া ৰেখাডালৰ জোখক পৰিধি বুলি কোৱা হয়। পৰিধি হৈছে বৃত্তৰ পৰিসীমা।

অৰ্ধবৃত্ত : বৃত্তৰ ব্যাসে বৃত্তটোক দুটা সমান অংশত বিভক্ত কৰে । এই প্ৰতিটো অংশক অৰ্ধবৃত্ত বুলি কোৱা হয়।

ঐককেন্দ্ৰিক বৃত্ত : একে কেন্দ্ৰ আৰু ভিন ভিন ব্যাসাৰ্ধ বিশিষ্ট বৃত্তক ঐককেন্দিক বৃত্ত বুলি কোৱা হয়।

বৃত্তখণ্ড : বৃত্তৰ জ্যা আৰু ইয়াৰ অনুৰুপ চাপৰ মাজৰ ক্ষেত্ৰক বৃত্তটোৰ বৃত্তখণ্ড বুলি কোৱা হয়।

বৃত্তাংশ : বৃত্তৰ এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশটোক বৃত্তাংশ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *