পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰন (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10

প্ৰশ্নাৱলী- ১ (Page- 168)

১।অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

উত্তৰ : অৱতল দাপোণৰ ক্ষেত্ৰত মূখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰা ৰশ্মিবোৰ প্ৰতিফলকৰ পাছত মূখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মূখ্য ফ’কাছ বোলে। চিত্ৰত F হ’ল মূখ্য ফ’কাছ বোলে।

২। গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20cm । ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

উত্তৰ : ইয়াত,

         ভাঁজ ব্যাসাৰ্ধ,(R)= 20cm

এতেকে, ফ’কাছ দৈৰ্ঘ্য (f) = R/2

                  =20/2

                  =10cm

৩। এখ দাপোনৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰ : অৱতল দাপোণ।

৪। গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰ : গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াৰ দ্বাৰা পিছৰ পিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্ত্ত চাব পাৰোঁ আৰু প্ৰতিবিম্ব সৰু আৰু থিয় হয়।

প্ৰশ্নাৱলী- ২ (Page- 171)

১। 32cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।

উত্তৰ : ইয়াত,

         ভাঁজ ব্যাসাৰ্ধ,(R)= 32cm

এতেকে, ফ’কাছ দৈৰ্ঘ্য (f) = R/2

                 =32/2

                 =16cm

২। অৱতল দাপোণ এখনে ইয়াৰ সন্মূখত 10cm দূৰত্বত ৰখা বস্ত্ত এটাৰ তিনিগুণে বিবৰ্ধিত সত্ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি ?

উত্তৰ : বস্ত্তৰ দূৰত্ব(u)= -10cm

বিবৰ্ধন(m)= -v/u

    v= -mu

    v= -(-3)(-10) = -30cm

এতেকে, প্ৰতিবিম্ব অৱতল দাপোণৰ সন্মূখৰ ফালে 30cm দূৰত্বত অৱস্থিত।

প্ৰশ্নাৱলী- ৩ (Page- 176)

১। পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকাঁ হ’ব? কিয়?

উত্তৰ : পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ আহিব। কাৰণ, পোহৰ ৰশ্মিয়ে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে ই অভিলম্বৰ ফালে আহে। ইয়াত পানী হ’ল ঘনতৰ মাধ্যম আৰু বায়ু হ’ল লঘুতৰ মাধ্যম।

২। পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসাৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3×108m/s।

উত্তৰ : ইয়াত, কাঁচৰ প্ৰতিসাৰণাংক = 1.5

         μg = 1.5

    শূন্যত পোহৰৰ দ্ৰুতি,v = 3×108m/s।

এতেকে, কাঁচৰ মাধ্যমত পোহৰৰ বেগ = V/ μg

                        =3×108/1.5

                      =2×108m/s

৩।তালিকা 10.3 ৰ পৰা সৰ্ব্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

উত্তৰ : হীৰাৰ সৰ্ব্বোচ্চ প্ৰতিসাৰণাংক হ’ল 2.42 আৰু বায়ুৰ সৰ্বনিম্ন প্ৰতিসাৰণাংক হ’ল 1.003।

৪। তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্ব্বোচ্চ? তালিকা 10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰ : কেৰাচিনৰ প্ৰতিসাৰণাংক = 1.44

টাৰপেনটাইনৰ প্ৰতিসাৰণাংক = 1.47

পানীৰ প্ৰতিসাৰণাংক = 1.33

উপৰৰ পৰা দেখা পোৱা গ’ল যে পানীত পোহৰৰ বেগ সবাতোকৈ বেছি। কাৰণ, কম প্ৰতিসাৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ বেগ বেছি হয়।

৫। হীৰাৰ প্ৰতিসাৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?

উত্তৰ : হীৰাৰ প্ৰতিসাৰণাংক = 2.42

হীৰাত পোহৰৰ বেগ = বায়ুত পোহৰৰ বেগ / হীৰাৰ প্ৰতিসাৰণাংক

             =3×108/2.42

             1.24 x 108m/s

গতিকে, বাযুত হীৰাৰ পোহৰৰ বেগ কম হ’ব।

প্ৰশ্নাৱলী- ৪ (Page- 184)

১। লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰ: 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলে ।

২।উত্তল লেনছ এখনে বেজী এটাৰ সত্ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছে.মি. দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্ত্তৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্ত্তটো উত্তল লেনছৰ সন্মুখত ক’ত ৰখা হৈছিল? নিৰ্ণয় কৰা।

উত্তৰ: ইয়াত, V= 50cm

প্ৰশ্নমতে, V=U

U= -50cm

আমি জানো, 1/v – 1/u = 1/f

         1/50 – 1/-50 = 1/f

         1/50 + 1/50 = 1/f

2/50 = 1/f

1/25 = 1/f

f = 25cm

f = 0.25m

(P)= 1/f

=1/0.25

=100/25

=4 ডায়’প্টাৰ (D)

৩। 2m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰ: অৱতল লেনছৰ ফ’কাছ দূৰত্ব(f) = -2 m

এতেকে, অৱতল লেনছৰ (P)= 1/f

=1/-2

=-0.5D

Leave a Comment

Your email address will not be published. Required fields are marked *