পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ (চমু প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10

১। পোহৰৰ প্ৰতিফলন কাক বোলে?

উত্তৰ : যি পৰিঘটনাৰ দ্বাৰা মিহি সমতলত আপতিত হৈ নিৰ্দিষ্ট নিয়ম অনুসৰি পোহৰৰ কিছু অংশ পুনৰ আগৰ মাধ্যমলৈ উভতি যায়, তাকে পোহৰৰ প্ৰতিফলন বোলে।

২। পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা লিখা।

উত্তৰ : (ক) আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু

(খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে।

৩। প্ৰতিবিম্ব কাক বোলে ?

উত্তৰ : কোনো এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা অপসাৰি ৰশ্মিবোৰৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত, আন এক বিন্দুত প্ৰকৃততে মিলিত হয় বা আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়, তেনে ক্ষেত্ৰত সেই দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ প্ৰতিবিম্ব বোলে।

৪। প্ৰতিবিম্ব কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : প্ৰতিবিম্ব দুই প্ৰকাৰৰ –

    (ক) সত্ প্ৰতিবিম্ব  আৰু (খ)অসত্ প্ৰতিবিম্ব।

৫। সত্ প্ৰতিবিম্ব কাক বোলে ?

উত্তৰ : এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে মিলিত হ’লে, তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ সত্ প্ৰতিবিম্ব বোলে। সত্ প্ৰতিবিম্ব পৰ্দাত ধৰিব পাৰি।

৬। অসত্ প্ৰতিবিম্ব কাক বোলে ?

উত্তৰ : এটা বিন্দু লক্ষ্যবস্ত্তৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়। তেনেক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথমটোৰ অসত্ প্ৰতিবিম্ব বোলে। অসত্ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি।

৭। গোলাকাৰ দাপোণৰ সংজ্ঞা দিয়া।

উত্তৰ : যাৰ প্ৰতিফলক-পৃষ্ঠ ফোঁপোলা গোলকৰ অংশ বিশেষ। তেনেধৰণৰ দাপোণক গোলাকাৰ দাপোণ বোলা হয়।

৮। গোলাকাৰ দাপোণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : গোলাকাৰ দাপোণ দুই প্ৰকাৰৰ –

 (ক) অৱতল দাপোণ আৰু (খ) উত্তল দাপোণ।

৯। অৱতল দাপোণ আৰু উত্তল দাপোণৰ সংজ্ঞা দিয়া।

উত্তৰ : অৱতল দাপোণ : যি দাপোণত পোহৰৰ প্ৰতিফলন, ভিতৰৰ ফোঁপোলা পৃষ্টত ঘটে আৰু উখহা পৃষ্টটোত ৰূপৰ প্ৰলেপ দিয়া থাকে। যাৰ প্ৰতিফলক পৃষ্ট ভিতৰলৈ ভাঁজ খোৱা। তেনে দাপোণক অৱতল দাপোণ বুলি কোৱা হয়।

উত্তল দাপোণ : যি দাপোণত পোহৰৰ প্ৰতিফলন, বাহিৰৰ উখহা পৃষ্টত ঘটে আৰু ভিতৰৰ ফোঁপোলা পৃষ্টত ৰূপৰ প্ৰলেপ দিয়া থাকে। যাৰ প্ৰতিফলক পৃষ্ট বাহিৰলৈ ভাঁজ খোৱা। তেনে দাপোণক উত্তল দাপোণ বুলি কোৱা হয়।

১০। বিবৰ্ধনৰ (Magnification) সংজ্ঞা দিয়া।

উত্তৰ : গোলাকাৰ দাপোণে উত্পন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্ত্তৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায়। ইয়াক সাধাৰণতে m আখৰেৰে সূচোৱা হয়।

 যদি, লক্ষ্যবস্ত্তৰ উচ্চতা (h) আৰু  প্ৰতিবিম্বৰ উচ্চতা (hl)

তেন্তে গোলাকাৰ দাপোনে উত্পন্ন কৰা বিবৰ্ধণ(m) হ’ব-

    m= প্ৰতিবিম্বৰ উচ্চতা(hl)/লক্ষ্যবস্ত্তৰ উচ্চতা(h)

    m= hl/h

বিবৰ্ধক m ৰ, লক্ষ্যবস্ত্তৰ দূৰত্ব(u) আৰু প্ৰতিবিম্বৰ দূৰত্ব(v) ৰ লগতো সম্পৰ্ক আছে। ইয়াক এইদৰে প্ৰকাশ কৰা হয়-

m= hl/h

= v/u

১১। পোহৰৰ প্ৰতিসৰণ কাক বোলে আৰু ইয়াৰ নিয়ম দুটা লিখা।

উত্তৰ : এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ ৰশ্মিয়ে ভাঁজ লোৱাকে পোহৰৰ প্ৰতিসৰণ বোলে।

    পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা হ’ল-

(ক) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।

(খ) প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোনৰ চাইন(sine) আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক। যদি আপতন কোণ i আৰু প্ৰতিসৰণ কোণ r হ’য়,

sin i / sin r = ধ্ৰুৱক

এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসাৰণাংক বোলে।

১২। লেনছৰ সংজ্ঞা দিয়া।

উত্তৰ : গোটা স্বচ্ছ পদাৰ্থ এটুকুৰা, যাৰ পৃষ্ঠ দুখন গোলাকাৰ বা গোলকৰ অংশ বিশেষ তাকেই লেনছ বোলে।

১৩। লেনছ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ : লেনছ দুই প্ৰকাৰৰ-

(ক) উত্তল বা অভিসাৰী লেনছ আৰু (খ) অৱতল বা অপসাৰী লেনছ।

১৪। উত্তল আৰু অৱতল লেছনৰ সংজ্ঞা দিয়া।

উত্তৰ : উত্তল লেনছ : যিবিলাক লেনছৰ মাজভাগ ডাঠ কিন্ত্ত দাঁতিৰ ফালে ক্ষীণ, তেনে লেনছক উত্তল লেনছ বোলে।

অৱতল লেনছ : যিবিলাক লেনছৰ মাজভাগ ক্ষীণ কিন্ত্ত দাঁতিৰ ফালে ডাঠ, তেনে লেনছক অৱতল লেনছ বোলে।

১৫। লেনছৰ ক্ষমতাৰ সংজ্ঞা লিখা। ইয়াৰ একক কি?

উত্তৰ : এখন উত্তল লেন্স দ্বাৰা সমান্তৰাল ৰশ্মিক প্ৰতিসৰণৰ দ্বাৰা অভিসাৰী আৰু অৱতল লেন্স দ্বাৰা অপসাৰী কৰাৰ জোখকে সেই লেন্সৰ ক্ষমতা বা পাৱাৰ বোলে। লেন্সৰ ক্ষমতাৰ একক ডায়প্টাৰ (D)

১৬। দাপোণৰ সমীকৰণটো লিখা।

উত্তৰ : দাপোণৰ সমীকৰণটো হ’ল-

1/v + 1/u = 1/f

ইয়াত, u= লক্ষ্যবস্ত্তৰ দূৰত্ব, v= প্ৰতিবিম্বৰ দূৰত্ব আৰু f= দাপোণৰ ফ’কাছ দূৰত্ব।

১৭। লেনছৰ সমীকৰণটো লিখা।

উত্তৰ : লেনছৰ সমীকৰণটো হ’ল-

1/v – 1/u = 1/f

ইয়াত, u= লক্ষ্যবস্ত্তৰ দূৰত্ব, v= প্ৰতিবিম্বৰ দূৰত্ব আৰু f= লেনছৰ ফ’কাছ দূৰত্ব।

১৮। অৱতল দাপোণ এখনে সত্ প্ৰতিবিম্ব গঠন কৰিব পাৰেনে?

উত্তৰ : নোৱাৰে।

Write a comment