পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 10

১। তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a)পানী   (b)কাঁচ   (c)প্লাষ্টিক (d)মৃত্তিকা

উত্তৰ : (a)পানী

২। অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসত্, থিয় আৰু লক্ষ্যবস্ত্ততকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্ত্তৰ অৱস্থান ক’ত হ’ব লাগিব?

  • মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত।
  • ভাঁজ কেন্দ্ৰত।
  • ভাঁজ কেন্দ্ৰৰ বাহিৰত।
  • দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উত্তৰ : (d) দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

৩। লক্ষ্যবস্ত্তৰ সমান আকাৰৰ সত্ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্ত্তটো উত্তল লেনছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ?

  • লেনছৰ মুখ্য ফ’কাছত।
  • ফ’কাছ দৈৰ্ঘৰ দুগুণ দূৰত্বত।
  • অসীমত।
  • লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত।

উত্তৰ : (b) ফ’কাছ দৈৰ্ঘৰ দুগুণ দূৰত্বত।

৪। এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য – 15cm। দাপোণ আৰু লেনছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?

  • দুয়োখন অবতল।
  • দুয়োখন উত্তল।
  • দাপোখন অবতল আৰু লেনছখন উত্তল।
  • দাপোখন উত্তল আৰু লেনছখন অবতল।

উত্তৰ : (a) দুয়োখন অবতল।

৫। দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?

  • সমতল
  • অবতল
  • উত্তল
  • হয় সমতল নতুবা উত্তল

উত্তৰ : (d) হয় সমতল নতুবা উত্তল

৬। অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

  • 50cm ফ’কাচ দৈৰ্ঘ্যৰ উত্তল লেনছ।
  • 5cm ফ’কাচ দৈৰ্ঘ্যৰ অবতল লেনছ।
  • 5cm ফ’কাচ দৈৰ্ঘ্যৰ উত্তল লেনছ।
  • 50cm ফ’কাচ দৈৰ্ঘ্যৰ অবতল লেনছ।

উত্তৰ : (c) 5cm ফ’কাচ দৈৰ্ঘ্যৰ উত্তল লেনছ।

৭। 15cm ফ’কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্ত্ত এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্ত্তৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত্? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ? প্ৰতিবিম্বটো লক্ষ্যবস্ত্ততকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা।

উত্তৰ : অবতল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য = 15cm। 15cm ৰতকৈ কম দূৰত্বত বস্ত্তটো দাপোণৰ সন্মুখত স্থাপন কৰিব লাগিব। গঠন হোৱা প্ৰতিবিম্ব সত্ আৰু থিয় হ’ব। প্ৰতিবিম্বৰ আকাৰ, বস্ত্তৰ আকাৰতকৈ বেছি হয়।

৮। তলত দিয়া পৰিস্থিতি সমূহত ব্যাৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা –

(ক) গাড়ীৰ হেডলাইট

(খ) গাড়ীৰ পিছলৈ চোৱা দাপোণ

(গ) সৌৰ ভাঁতী

 উত্তৰ : (ক) গাড়ীৰ হেডলাইট হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ, প্ৰতিফলনৰ পিছত শক্তিশালী পোহৰৰ ৰশ্মি পোৱা যায়।

(খ) গাড়ীৰ পিছলৈ চোৱা দাপোণ উত্তল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ, এই দাপোণ থিয়, সংকুচিত প্ৰতিবিম্ব গঠন কৰে আৰু পিছফালৰ বিস্তীৰ্ণ অঞ্চল দেখা যায়।

(গ) সৌৰ ভাঁতীত প্ৰতিফলক হিচাপে অবতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ, এই অবতল দাপোণ সূৰ্য-ৰশ্মিসমূহক এটা বিন্দুত কেন্দ্ৰীভূত কৰে।

৯। উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি  দিয়া হ’ল। এই লেনছ খনে বস্ত্ত এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰ : উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি  দিয়া হ’ল। কিন্ত্ত বাকী অংশ এটা বস্ত্তৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে। কলা কাগজেৰে ঢাকি দিলে, প্ৰতিবিম্বৰ উজ্বলতা হ্ৰাস পাই আহে।

১০। 5cm দৈৰ্ঘ্যৰ বস্ত্ত এটা 10cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ : ইয়াত, লক্ষ্যবস্ত্তৰ দূৰত্ব, u= -25cm,

লক্ষ্যবস্ত্তৰ উচ্চতা,h0= 5cm

ফকাচ দূৰত্ব,f = +10cm

এতেকে, 1/v – 1/u = 1/f

1/v = 1/f + 1/u

    =1/10 – 1/25

    =15/250

v = 250/15 = 16.66cm

এতিয়া, বিৱৰ্ধন, m = v/u

             =16.66/-25

             =-0.66cm

গতিকে,

বিৱৰ্ধন, m=h//h0

প্ৰতিবিম্বৰ উচ্চতা, h/= m x h0

                     = -0.66 x 5

             =-3.3cm

প্ৰতিবিম্ব লেনছৰ পিছফালে 16.66cm দূৰত্বত; 3.3cm , সংকুচিত আৰু ওলোটা।

ৰশ্মিচিত্ৰ :

১১। 15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্ত্তটো লেনছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা।

উত্তৰ : অবতল লেনছ।

ইয়াত, f = -15cm,

    v = -10cm, u = ?

আমি জানো যে, 1/v – 1/u = 1/f

1/-10 – 1/u = 1/-15

1/u = 1/30

u = 30cm

১২। 15cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10cm দূৰত্বত বস্ত্ত এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ : ইয়াত, f =+15cm, u =-10 , v = ?

এতেকে, 1/f = 1/v + 1/u

1/15 = 1/v + 1/(-10)

1/v = 1/15 +1/10

1/v = 5/30 = 1/6

v = 6cm

গতিকে প্ৰতিবিম্ব সত্ আৰু দাপোণৰ পিছফা্লে 6cm দূৰত্বত অৱস্থিত।

১৩। সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি?

উত্তৰ : বিবৰ্ধন (m) = +1.

‘+’ চিনে অসত্ প্ৰতিবিম্ব সূচিত কৰে আৰু ‘1’ সূচিত কৰে যে লক্ষ্যবস্ত্ত = প্ৰতিবিম্ব।

১৪। 30cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20cm দূৰত্বত 5cm দৈৰ্ঘ্যৰ বস্ত্ত এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰ : ইয়াত, f= R/2 = 30/2 =15 cm।

f= 15cm, u= -20cm, h= 5.0 cm

এতেকে, 1/v + 1/u = 1/f

    1/v + 1/(-20) = 1/15

    1/v = 1/15 + 1/20

    1/v = 7/60

    v = 60/7cm

গতিকে, প্ৰতিবিম্ব অসত্ থিয় আৰু দাপোণৰ পিছফালে অৱস্থিত হ’ব।

m= -v/u = -60/7/ -20

         = 3/7

১৫। 18cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ এখনৰ সন্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰ : অহতল দাপোণ।

ইয়াত, u= -27cm, f= -18cm, h= 7.0cm, v= ? m= ?

1/v + 1/u = 1/f

    1/v + 1/(-27) = 1/(-18)

    1/v = -1/18 + 1/27

    1/v = -3+2/54 = -1/54

    v = -54cm

এতেকে, m = -v/u = -(-54)/-27 = -54/27 =-2

প্ৰতিবিম্ব সত্, ওলোটা আৰু পৰিৱৰ্ধিত হ’ব।

১৬। -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান? লেনছখনৰ প্ৰকৃতি কেনেকুৱা ?

উত্তৰ : ইয়াত, P = -2.0 D

এতেকে, f= 1/p = 1/-2.0 = -0.5 m

f ঋণাত্মক, লেনছটো অৱতল হ’ব।

১৭। ডাক্টৰ এজনে বিধান দিয়া সংশোধনীমূলক লেনছৰ ক্ষমতা +1.5D । লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এই লেনছখন অভিসাৰী নে অপসাৰী?

উত্তৰ : ইয়াত, p= +1.5D

এতেকে, f= 1/p = 1/1.5 = +0.67m

লেনছৰ ক্ষমতা ধনাত্মক, গতিকে লেনছটো হ’ব উত্তল লেনছ।

Write a comment