জীৱন প্ৰক্ৰিয়া (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – 6

প্ৰশ্নাৱলী – ১

১। মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় ?

উত্তৰ : বহুকোষী জীৱ, যেনে – আমাৰ কোষবোৰৰ পাৰিপাৰ্শ্বিক পৰিবেশৰ লগত সম্পৰ্ক নাই। এতেকে শাৰীৰিক প্ৰতিটো কোষে পৰিবেশৰ পৰা ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন নেপায়। গতিকে অক্সিজেন পোৱাৰ বাবে বহুকোষী জীৱৰ বিশেষ কলা, অংগৰ দৰকাৰ।

২। আমি কিহৰ উপৰত ভিক্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?

উত্তৰ : কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ প্ৰথমেই চাৱ লাগিব যে বস্ত্তটোৰ চলন ক্ষমতা আছে, নে নাই। যদি কোনো বাহ্যিক ক্ৰিয়াৰ প্ৰতি সহাৰি দিয়ে, তেতিয়া আমি ধৰি ল’ম যে বস্ত্তটো জীৱিত।

৩।জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেচাঁ সামগ্ৰী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰ : খাদ্য, অক্সিজেন পানী আৰু খনিজ লৱণ।

৪। জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?

উত্তৰ : সকলো জীৱ দেহতে জীয়াই থাকিবৰ বাবে কিছুমান বিশেষ প্ৰক্ৰিয়া অনবৰত চলি থাকে। এই বিশেষ প্ৰক্ৰিয়াবোৰ হ’ল : পৰিপুষ্টি, শ্বষন, পৰিবহণ, ৰেচন আদি।

প্ৰশ্নাৱলী – ২

১। স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?

উত্তৰ : স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য –

স্বপোষিত পুষ্টিপৰপোষিত পুষ্টি
১। সালোক সংশ্লেষণ ঘটে।১। সালোক সংশ্লেষণ নঘটে।
২। অজৈৱ অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে।২। নিজৰ খাদ্য সংশ্লেষন কৰিব নোৱাৰে যদিও আন জীৱদেহৰ পৰা খাদ্য সংগ্ৰহ কৰে।
  

২। সালোক সংশ্লেণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায় ?

উত্তৰ : সালোক সংশ্লেণৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ হ’ল –

(ক) পানী : উদ্ভিদে মৃত্তিকাৰ পৰা মূলেৰে শোষণ কৰে।

(খ) কাৰ্বন-ডাই-অক্সাইড : বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO2 গ্ৰহণ কৰে।

(গ) ক্ল’লফিল : উদ্ভিদৰ সেউজীয়া পাতত থাকে।

(ঘ) সূৰ্যশক্তি : সূৰ্যৰ পৰা।

৩। আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?

উত্তৰ : আমাৰ পাকস্থলীত এছিডৰ ভূমিকা –

(ক) উত্সেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম অব্যাহত ৰাখে।

(খ) বেক্টেৰিয়া ধ্বংস কৰে।

(গ) চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে।

৪। পাচক উত্সেচকৰ কাৰ্য কি ?

উত্তৰ : পাচক ৰসৰ সহায়ত জটিল, শোষণ অযোগ্য খাদ্যৰ উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত হয়।

৫। শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?

উত্তৰ : ক্ষুদ্ৰান্ত্ৰত থকা আঙুলি সদৃশ প্ৰৱৰ্ধক। ভিলাছৰ আভ্যন্তৰীণ অংশ অসংখ্য মৌলিক কণাৰে গঠিত। ভিলাছৰ সংকোচন আৰু প্ৰসাৰণক্ষম। ইয়াৰ ফলত আন্ত্ৰিক নলীত থকা সৰল উপাদানবোৰ ভিলাই আৰু কৈশিক নলীকাৰ বেৰ ভেদ কৰি অতি সহজে তেজৰ সোঁতত প্ৰবেশ কৰে।

প্ৰশ্নাৱলী – ৩

১। শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সূবিধা কি ?

উত্তৰ : জলজ প্ৰাণী পানীত দ্ৰৱীভূত অক্সিজেন পানীৰ পৰা শোষণ কৰে, কিন্ত্ত ইয়াৰ শতকৰা পৰিমাণ বায়ুতকৈ পানীত কম।

    স্থলচৰ প্ৰাণীবোৰ শ্বাসকাৰ্যৰ বাবে জলজ প্ৰাণী অপেক্ষা বেছি পৰিমাণে অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে।

২। কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লক’জ জাৰিত হৈ শক্তি উত্পন্ন হয়?

উত্তৰ :

৩। মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?

উত্তৰ : শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত হাওঁফাওঁৰ বায়ুকোষ আৰু তেজৰ মাজত গেছৰ বিনিময় ঘটে। বায়ুকোষৰ বেৰবোৰ আচ্ছাদকীয় কলাৰে নিৰ্মিত পাতল আৱৰণৰ দ্বাৰা গঠিত। ৰক্ত কেশিকাৰ জালিকাৰে গেছৰ অণুবোৰ সহজে গতি কৰিব পাৰে, যিহেতু জালিকাখন অতিশয় পাতল। বায়ুকোষৰ চাৰিওফালে থকা কৈশিক নলীৰ আৱৰণ বায়ুমোনাৰ আৱৰণৰ সৈতে সংলগ্ন হৈ থাকে। বায়ুকোষীয় আৱৰণ আৰু কেশিকাৰ আৱৰণক একেলগে শ্বাস আৱৰণ বুলি জনা যায়। বায়ুকোষ আৰু তেজৰ মাজত এই শ্বাস আৱৰণৰে গেছৰ বিনিময় ঘটে। বায়ুকোষৰ পৰা কেশিকাৰ তেজলৈ অক্সিজেনৰ ব্যাপন ঘটে আৰু চাপৰ পাৰ্থক্যৰ বাবে ৰক্ত কেশিকাৰ পৰা বায়ুকোষলৈ কাৰ্বন ডাই অক্সাইড ওলাই আহে।

    বায়ুকোষত অক্সিজেনৰ অধিক গাঢ়তাৰ বাবে কেশিকা তেজলৈ ইয়াৰ ব্যাপন ঘটে। একেটা কাৰণতে কোষ বা কলাসমূহলৈ ইয়াৰ ব্যাপন ঘটে। আকৌ কলাত কাৰ্বন ডাই অক্সাইডৰ অধিক গাঢ়তা আৰু তেজত ইয়াৰ গাঢ়তা কম হোৱা বাবে ই ক্ৰমে তেজ আৰু বায়ুকোষলৈ ব্যাপিত হয়।

৪। প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?

উত্তৰ : ক্লোমনলী কিছু দূৰ তললৈ নামিয়েই ক্লোমনলীটো দুটা শাখাত বিভক্ত হৈছে। এই শাখা দুটাক ক্লোম শাখা। ক্লোম শাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেষত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হয়।  এইবোৰক ক্লোম প্ৰশাখা বোলে।

    ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু মোনাৰ দৰে আকৃতি লৈ থকা গঠনবোৰত বায়ু থাকে দেখি সিহঁতক বায়োকোষ বোলে। বায়ুকোষবোৰৰ বেৰ অন্ত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই অক্সইড গেছৰ বিনিময় ঘটে।

প্ৰশ্নাৱলী – ৪

 ১। মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি ?

উত্তৰ : তেজ পাম্প কৰিবৰ বাবে থকা এটা হৃদযন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াবৰ বাবে থকা ৰক্তবাহিকা থকা তন্ত্ৰটোৱেই হ’ল ৰক্ত পৰিবহণ তন্ত্ৰ। বহুকোষীয় উচ্চ স্তৰৰ প্ৰাণী দেহত ইয়াক পোৱা যায়।

    ৰক্ত পৰিবহণ তন্ত্ৰৰ লগত জড়িত মূখ্য ভাগকেইটা হৈছে-

(ক) হৃদয্ত্ৰ (খ) তেজ আৰু ৰক্তবাহিকা।

ৰক্ত পৰিবহণ তন্ত্ৰৰ লগত জড়িত বিভিন্ন অংশসমূহৰ কাৰ্য তলত দিয়া হ’ল,

ক)হৃদযন্ত্ৰ : ই গোটেই দেহতে ৰক্ত সঞ্চালন কৰে। ই ৰক্ত সঞ্চালনৰ জৰিয়তে দেহত অক্সিজেনৰ নিয়মীয়া যোগান নিশ্চিত কৰে। হৃদযন্ত্ৰত থকা নিলয়ে অক্সিজেনবিহীন আৰু অক্সিজেনযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে।

খ)তেজ : ই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। ই উত্পন্ন কৰা এন্টিবডিয়ে বাহিৰৰ পৰা সোমোৱা বস্ত্তৰ অনিষ্টকাৰী প্ৰভাৱ প্ৰশমণ কৰে। অন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ ই পাচিত আহাৰ পৰিবহণ কৰে।

গ) ৰক্তবাহিকা : ধমনীয়ে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ পৰিবহণ কৰে। সিৰাই দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে। ধমনী আৰু সিৰাত থকা ভালভ্ সমূহে তেজৰ বিপৰীতফালৰ প্ৰৱাহত বাধা দিয়া।

২। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?

উত্তৰ : জীৱন প্ৰক্ৰিয়াৰ বাবে স্তন্যপায়ী প্ৰণী আৰু পক্ষীবোৰৰ অধিক পৰিমাণে শক্তি প্ৰয়োজন। অক্সিজেন যুক্ত তেজ খাদ্যৰ উপাদান সমূহক ভাঙি দি শক্তি উত্পন্ন কৰে আৰু এই শক্তি জীৱন প্ৰক্ৰিয়া চলাৰ কাৰণে খৰচ হয়।

৩। উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ?

উত্তৰ :

ক) পানী আৰু খনিজ দ্ৰব্যৰ পৰিবহণ : জাইলেম নলীকাই এই পদাৰ্থবোৰ মূলৰ পৰা শোষণ কৰি দেহৰ অন্যান্য অংশলৈ পৰিবহণ কৰে।

খ) খাদ্য আৰু অন্য পদাৰ্থৰ পৰিবহণ : পাতত প্ৰস্ত্তত হোৱা আহাৰ ফ্ল’ৱেমৰ জৰিয়তে দেহৰ অন্যান্য অংলৈ যায়।

৪। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়?

উত্তৰ : উদ্ভিদ দেহত খাদ্যবস্ত্ত উদ্ভিদৰ পাতৰ পৰা ঊৰ্ধ্বমূখী, অধ:মূখী, পাৰ্শ্বীয়- এই তিনিটা দিশত পৰিবাহিত হয়। ঊৰ্ধ্বমূখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা অগ্ৰমুকুল, পুষ্পমুকুল, ফুল আৰু ফললৈ। অধ:মূখী পৰিবহণ প্ৰক্ৰিয়াত উদ্ভিদৰ পাতৰ পৰা কাণ্ড আৰু মূললৈ । পাৰ্শ্বীয় পৰিবহণ প্ৰক্ৰিয়াত ফ্ল’ৱেম কলাৰ পৰা মজ্জা বিস্তৃতিৰ মাজেদি কাণ্ডৰ বহি:স্তৰকলৈ খাদ্য সংক্ৰমণ বা স্থানান্তৰণ হয়।

৫। উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে?

উত্তৰ : উদ্ভিদৰ পাতত প্ৰস্ত্তত হোৱা খাদ্যবস্ত্ত দেহৰ বিভিন্ন অংগলৈ স্থানান্তৰ কৰা প্ৰক্ৰিয়াক খাদ্য স্থানান্তৰ বোলে। এই খাদ্য ফ্ল’ৱেমৰ দ্বাৰা বিভিন্ন অংগলৈ পৰিবাহিত হয়।

উদ্ভিদৰ পাতৰ কোষত সঞ্চিত খাদ্যদ্ৰৱ্য

             ↓

দ্ৰৱীভূত অৱস্থাত খাদ্যদ্ৰৱ্য ফ্ল’ৱেম কলাত প্ৰৱেশ

             ↓

ফ্ল’ৱেম কলাৰ মাজেৰে উদ্ভিদৰ দেহত ঊৰ্ধ্বমূখী, অধ:মূখী আৰু পাৰ্শ্বীয় দিশৰে সকলো অংগলৈ সংবহন।

প্ৰশ্নাৱলী – ৫

১। নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰ : নেফ্ৰনৰ গঠন :বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ লগ-লাগি কাপসদৃশ নলীকা গঠন হয়। এনে নলীকাৰ এককবোৰকে নেফ্ৰন বোলে।

নেফ্ৰনৰ কাৰ্য : নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্ল’কজ, এমিন এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। তেজত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানী ভাগ অধিশোষণ হয়। বাকী পদাৰ্থখিনি নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ ওলাই আহে।

চিত্ৰ : নেফ্ৰনৰ গঠন

২। উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে।

উত্তৰ : উদ্ভিদে ৰেচন পদাৰ্থবোৰ নানা পদ্ধতিৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়া।

ক) গেছীয় পদাৰ্থ : শ্বাসকাৰ্যৰ সময়তে পত্ৰৰন্ধ্ৰৰ মাধ্যমে CO2 গেছ আৰু সালোক সংশ্লেষণৰ সময়ে O2 ত্যাগ কৰে।

খ) তৰল পদাৰ্থ : প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাধ্যমে গছে তৰল বৰ্জিত পদাৰ্থ ত্যাগ কৰে।

গ) অন্যান্য বৰ্জিত পদাৰ্থ : অন্যান্য বৰ্জিত পদাৰ্থ যেনে ৰেজিন আৰু গাম আদি গছৰ পৰ্ব আৰু পৰ্ব-মাধ্যৰ মাজেৰে ওলাই আহে।

৩। কেনেকৈ মূত্ৰ উত্পন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰ : মূত্ৰ উত্পন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মূত্ৰ উত্পাদনৰ পৰিমাণ নিৰ্ভৰ কৰে বিশেষকৈ নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমাণৰ ওপৰত। যদি দেহত অতিৰিক্ত পানী বেছি থাকে তেতিয়া অধিশোষণ কম হয় আৰু মূত্ৰ বেছি উত্পন্ন হয়। আকৌ দেহত পানীৰ পৰিমাণ কম হ’লে নেফ্ৰনে বেছি পৰিমাণে পানী অধিশোষণ কৰে ফলত মূত্ৰ উত্পাদন কম হয়। ইয়াৰ উপৰি বৰ্জিত পদাৰ্থ-ইউৰিয়া, ইউৰিক এচিড, লৱণ আদিৰ পৰিমাণ বেছি হ’লে মূত্ৰ উত্পাদন বেছি হয় আৰু কম হলে মূত্ৰ উত্পাদন কম হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *