জীৱন প্ৰক্ৰিয়া (অনুশীলনী-6)

দশম শ্ৰেণী বিজ্ঞান

১। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-

ক) পৰিপুষ্টি

খ) শ্বসন

গ) ৰেচন

ঘ) পৰিবহন

উত্তৰ: গ) ৰেচন

২। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-

ক) পানীৰ পৰিবহন

খ) খাদ্যৰ পৰিবহন

গ) এমিন’ এচিডৰ পৰিবহন

ঘ) অক্সিজেনৰ পৰিবহন

উত্তৰ: ক) পানীৰ পৰিবহন

৩। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-

ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী

খ) পত্ৰহৰিত্

গ) সূৰ্যৰ পোহৰ

ঘ) ওপৰৰ আটাইকেইটা

উত্তৰ: ঘ) ওপৰৰ আটাইকেইটা

৪। পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-

ক) চাইট’প্লাজমত

খ) মাইট’ন্ডিয়াত

গ) ক্ল’ৰপ্লাষ্টত

ঘ) কোষকেন্দ্ৰত

উত্তৰ : খ) মাইট’ন্ডিয়াত

৬। পাচনত লালটিৰ ভূমিকা কি?

উত্তৰ:`মূখত থকা লালটিৰ সৈতে আহাৰ মিহলি হয়। লালটি গ্ৰন্থিয়ে লালটি ক্ষৰণ কৰে। লালটিত থকা টায়েলিন নামক উত্সেচকে পলিছেকেৰাইড শ্বেতসাৰক ভাঙি মাল্টজ পাৰু ডেক্সট্ৰিনলৈ ৰূপান্তৰিত কৰে।

         টায়েলিন

শ্বেতসাৰ    ——-→    মাল্টজ + ডেক্সট্ৰিন

         লালটি এমাইলেজ

ক্ষুদ্ৰান্ত্ৰত স্নেহ পদাৰ্থৰ পাচন ঘটে।

৭। স্বপোষীত পৰিপুষ্টিত কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?

উত্তৰ :স্বপোষীত পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকবোৰ হ’ল- পোহৰ, ক্ল’ৰফিল, CO2 আৰু H2O । সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে গ্লক’জ উত্পন্ন কৰে।

৮। সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।

উত্তৰ:

সবাত শ্বসনঅবাত শ্বসন
1. অক্সিজেনৰ উপস্থিত হোৱা শ্বসন প্ৰক্ৰিয়াক সবাত শ্বসন বোলে।1. অক্সিজেনৰ অবিহনে খাদ্যৰ জাৰণ হোৱা প্ৰক্ৰিয়াক অবাত শ্বসন বোলে।
2. ই মাইট’ন্ড্ৰিয়াৰ ভিতৰত সংঘটিত হয়।2. ই মাইট’ন্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয়।
3. গ্লুক’জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হয়।3. গ্লুক’জ অণুৰ সম্পূৰ্ণ জাৰণৰ ফলত ইথাইল এলক’হল বা লেক্টিক এছিড আৰু কাৰ্বন-ডাই-অক্সাইডৰ লগতে শক্তি উত্পন্ন কৰে।

৯।প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?

উত্তৰ : হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু শাখাত বিভক্ত হৈ বেলুন সদৃশ বায়ুকোষত পৰিণত হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। এনে অসংখ্য বায়ুকোষ হাওঁফাওঁত গঠন হয়। আমি উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ আয়তন বৃদ্ধি হোৱাৰ লগে লগে বায়ুকোষবিলাকৰ আয়তন বাঢ়ে। ফলত প্ৰচুৰ শ্বসন গেছ বিনিময় হ’ব পৰাকৈ বায়ুকোষবিলাকৰ পৃষ্টকালি বাঢ়ে। ৰক্তকেশিকাৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুকোষলৈ ওলাই যায়। আৰু বায়ু কোষত সোমোৱা অক্সিজেন ৰক্তকেশিকাই গ্ৰহণ কৰে।

১০। আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?

উত্তৰ : লোহিত ৰক্তকণিকাত হিম’গ্লবিন নামক একেধৰণৰ ৰঙা শ্বাসৰঞ্জক থাকে। এই ৰঞ্জক পদাৰ্থ শৰীৰৰ বিভিন্ন অংশত অক্সিজেন সৰবৰাহ কৰে।

    তেজত হিম’গ্লবিনৰ পৰিমাণ কম হ’লে শৰীৰৰ কোষসমূহত অক্সিজেনৰ সৰবৰাহ কমি যায়। ফলস্বৰুপে কম শক্তি উত্পন্ন হয় আৰু ৰক্তহীনতা, শ্বাসকষ্ট, দুৰ্বলতা, ক্লান্তি বোধ হয়।

১১। মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?

উত্তৰ: মানুহৰ হৃদযন্ত্ৰটো দুটা পক্ষ : এটা সোঁপক্ষ আৰু আনটো বাওঁপক্ষ। হৃদযন্ত্ৰৰ সোঁপক্ষ অক্সিজেন বিহীন তেজ গ্ৰহণ কৰি বিশুদ্ধ হোৱাৰ বাবে হাওঁফাওঁ লৈ পঠিয়াই দিয়ে। আকৌ, হৃদযন্ত্ৰৰ বাওঁপক্ষ অক্সিজেন যুক্ত তেজ গ্ৰহণ কৰে আৰু ৰক্ত কেশিকাৰ মাধ্যমে শৰীৰৰ বিভিন্ন অংগলৈ প্ৰৰণ কৰে। ইয়াক দ্বি-সঞ্চালন বোলে।

    জীৱন প্ৰক্ৰিয়া চলাৰ বাবে অধিক শক্তিৰ প্ৰয়োজন। সেইকাৰণে শৰীৰৰ বিভিন্ন কোষত অক্সিজেন যুক্ত তেজৰ পৰিবহণ দৰকাৰ। অৰ্থাত্ শক্তিৰ কাৰণে দ্বি-পৰিবহণ অতি প্ৰয়োজন।

১২। জাইলেম আৰু ফ্লু’ৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?

উত্তৰ:

জাইলেম কলাত সৰবৰাহ হোৱা পদাৰ্থসমূহফ্লু’ৱেমকলাত সৰবৰাহ হোৱা পদাৰ্থসমূহ
1. মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়।1. জৈৱ দ্ৰাৱ পৰিবহণ হয়।
2. পৰিবহণ সাধাৰণত অপ্ৰতিৰোধক।2. পৰিবহণ সক্ৰিয়।
3. খনিজ পদাৰ্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমে ঘটে।3. চালনী নলীকা আৰু সংগী কোষৰ মাধ্যমে জৈৱ আহাৰ পৰিবাহিত হয়।

১৩। হাওঁফাওঁৰ বায়োকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

উত্তৰ:

বায়ুকোষনেফ্ৰন
1. হাওঁফাওঁ সাংগঠনিক আৰু কাৰ্যকৰী একক।1. বৃক্ক গঠৰ প্ৰাথমিক একক।
2. তেজৰ পৰা CO2 বাহিৰ কৰে।2. তেজৰ পৰা নাইট্ৰ’জেন বৰ্জিত পদাৰ্থ বাহিৰ কৰি দিয়ে।
3. বায়ুকোষৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে।3. নেফ্ৰন দেখাত কাপৰ দৰে।

Write a comment