কলা (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6)

প্ৰশ্নাৱলী-১

১। কলা কাক কি?

উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে।

২। বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ?

উত্তৰ : বহুকোষী জীৱৰ শৰীৰত বিভিন্ন কাৰ্য কৰিবলৈ জীৱকোষ বিলাকে নানা ধৰণৰ বৈশিষ্ট্য লাভ কৰে। ফলত জীৱদেহৰ ভিনভিন অংশ বা অংগ-প্ৰতংগৰ কোষৰ গঠন আৰু আকৃতি-প্ৰকৃতি ভিন ভিন হয়। কোনো বিশেষ কাৰ্য, যেনে- পাচনকাৰ্য, ৰেচন কাৰ্য, শ্বাসকাৰ্য ইত্যাদি কাৰ্যৰ কাৰনে একেলগে হৈ একে গুণবিশিষ্ট কোষৰ সমষ্টি গঠন কৰে।

প্ৰশ্নাৱলী-২

১। বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰ : সৰল কলাৰ বিভিন্ন প্ৰকাৰ :

ক) পেৰেণকাইমা, খ) কলেনকাইমা, গ) স্কেৰেণকাইমা

২। অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায়?

উত্তৰ : অগ্ৰস্থ ভাজক কলাৰ স্থান হ’ল উদ্ভিদৰ মূল বা শিপা আৰু কাণ্ডৰ একেবাৰে অগ্ৰ অংশত।

৩। কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

উত্তৰ : স্কেৰেণকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে।

৪। ফ্লোৱেম কলা কিহেৰে গঠিত?

উত্তৰ : ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত।

ক) চালনি নলীকা, খ) সংগী কোষ, গ) ফ্লোৱেম তন্ত্ত, ঘ) ফ্লোৱেম পেৰেণকাইমা।

প্ৰশ্নাৱলী- 3

১। প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?

উত্তৰ : প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ হ’ল প্ৰেশী কলা।

২।নিউৰন দেখাত কেনেকুৱা হয়?

উত্তৰ : স্নায়ুকোষ বা নিউৰণ দেহকোষ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত। দেহকোষত নিউৰণৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰৰ চাৰিওফালে ডাঠ কোষপ্ৰৰস থাকে। প্ৰত্যেক নিউৰ’ণৰ স্নায়ুপ্ৰৱৰ্ধৰ পৰা দুডাল বা ততোধিক সুতাৰ নিচিনা প্ৰৱৰ্ধন ওলাই থাকে।

৩। হূদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : হূদপেশীৰ বৈশিষ্ট্য –

ক) হৃদপেশী ৰেখিত পেশী আৰু অৰেখিত এই দুটা পেশীৰ বৈশিষ্ট্য বহন কৰে।

খ) এই কলাৰ তন্ত্তকোষত মাত্ৰ এটাহে কোষকেন্দ্ৰ থাকে।

গ) ই প্ৰাণীৰ জীৱনৰ গোটেই কালছোৱাত নিৰবচ্ছিন্ন ভাৱে প্ৰসাৰণ আৰু সংকোচন কাৰ্য চলাই যাব পাৰে অৰ্থাত্ হূদপেশী কেতিয়াও ক্লান্ত হৈ নপৰে। হূদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম।

৪। এৰিওলাৰ কলাৰ কাৰ্য সমূহ কি কি ?

উত্তৰ : এই কলা দুটা অংগ বা পেশীৰ মাজত সংযোজক হিচাপে কাম কৰে। এইবিধ কলা হৈছে প্ৰকৃত সংযোজক কলা জালিকা সদৃশ আৰু ই ভৌমদ্ৰৱ্যৰ অ’ত-ত’ত সিচঁৰতি হৈ থকা ভিন্ন প্ৰকাৰৰ কোষ আৰু তন্ত্তৰে গঠিত।

Leave a Comment

Your email address will not be published. Required fields are marked *