কলা (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6)

১। “কলা” ৰ সংজ্ঞা দিয়া।

উত্তৰ : একোটা নিৰ্দিষ্ট কাম কৰিবলৈ কোষবিলাকে নিজস্ব বৈশিষ্ট্য লাভ কৰে। এনেকুৱা বিশেষ বৈশিষ্ট্যপূৰ্ণ কোষৰ সমষ্টিক কলা বোলে।

২। কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰ : জাইলেম হ’ল বিভিন্ন প্ৰকাৰৰ কোষৰ সমষ্টি। সেই অনুসৰি জাইলেমত চাৰি প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰ হ’ল : ট্ৰেকাইড, নলিকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত।

৩। উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

উত্তৰ : একে ধৰণৰ গঠন, আকৃতি আৰু কাম সমাধা কৰা স্থায়ী কোষৰ সমষ্টিক সৰল কলা বোলে। যেনে : পেৰেণকাইমা, কলেনকাইমা আৰু স্ক্লেৰণকাইমা। আনহাতে গঠন আৰু আকৃতিত ভিন্নতা থকা আৰু একে বা ভিন ভিন কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টিক জটিল কলা বোলে। যেনে – জাইলেম আৰু ফ্লোৱেম।

৪। কোষবেৰৰ ওপৰত ভিত্ত্ কৰি পেৰেণকাইমা, ক’লেনকাইমা, স্ক্লেৰণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰ :

পেৰেণকাইমাক’লেনকাইমাস্ক্লেৰণকাইমা
1. কোষবেৰখন পাতল।1. কোষবেৰখন ডাঠ।1. কোষবেৰখন যথেষ্ট কঠিন।
2. চেলুল’জেৰে গঠিত।2. চেলুল’জ আৰু প্যাকটিন দ্বাৰা গঠিত।2. লিগনিন দ্বাৰা গঠিত।

৫। পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?

উত্তৰ : পত্ৰৰন্ধ্ৰৰ মাধ্যমে উদ্ভিদৰ গেছীয় আদান-প্ৰদান আৰু বাষ্পমোচন সম্পন্ন হয়।

৬। প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰ : প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ হ’ল প্ৰেশী কলা।

৭।স্নায়ুকোষ দেখাত কেনেকুৱা হয়?

উত্তৰ : স্নায়ুকোষ বা নিউৰণ দেহকোষ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত। দেহকোষত নিউৰণৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰৰ চাৰিওফালে ডাঠ কোষপ্ৰৰস থাকে। প্ৰত্যেক নিউৰ’ণৰ স্নায়ুপ্ৰৱৰ্ধৰ পৰা দুডাল বা ততোধিক সুতাৰ নিচিনা প্ৰৱৰ্ধন ওলাই থাকে।

৮। হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল –

ক) এই কলাৰ তন্ত্তকোষত মাত্ৰ এটাহে কোষকেন্দ্ৰ থাকে।

খ) হৃদপেশী ৰেখিত পেশী আৰু অৰেখিত পেশী এই দুটা পেশীৰই বৈশিষ্ট্য বহন কৰে।

গ) ই প্ৰাণীৰ জীৱনৰ গোটেই কালছোৱাত নিৰবচ্ছিন্ন ভাৱে প্ৰসাৰণ আৰু সংকোচন কাৰ্য চলাই যাব পাৰে অৰ্থাত্ হূদপেশী কেতিয়াও ক্লান্ত হৈ নপৰে। হূদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম।

৯। এৰিওলাৰ কলাৰ কাৰ্য সমূহ কি কি ?

উত্তৰ : এই কলা দুটা অংগ বা পেশীৰ মাজত সংযোজক হিচাপে কাম কৰে। এইবিধ কলা হৈছে প্ৰকৃত সংযোজক কলা জালিকা সদৃশ আৰু ই ভৌমদ্ৰৱ্যৰ অ’ত-ত’ত সিচঁৰতি হৈ থকা ভিন্ন প্ৰকাৰৰ কোষ আৰু তন্ত্তৰে গঠিত।

১০। চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ত সমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা।

উত্তৰ : বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ত সমূহ – ক) ৰেখিত পেশী. খ) অৰেখিত পেশী, গ) হৃদপেশী তন্ত্ৰ।

১১। হৃদপেশীৰ বিশেষ কাম কি?

উত্তৰ : হৃদপেশীৰ বিশেষ কাম এয়ে যে ই প্ৰাণীৰ জীৱনৰ গোটেই কালছোৱাত নিৰবচ্ছিন্ন ভাৱে প্ৰসাৰণ আৰু সংকোচন কাৰ্য চলাই যাব পাৰে অৰ্থাত্ হূদপেশী কেতিয়াও ক্লান্ত হৈ নপৰে। হূদপিণ্ডৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন ঘটোৱা হৃদপেশীৰ প্ৰধান কাম।

১২। গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হূদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰ :

ৰেখিত পেশীঅৰেখিত পেশীহৃদপেশী
1.এই পেশীৰ কোষ বিলাক দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন।1. .এই পেশীৰ কোষ বিলাক দীঘল আৰু মাকোসদৃশ।1. .এই পেশীৰ কোষ বিলাক শাখাবিশিষ্ট আৰু চুঙাকৃতিৰ।
2. ডাক বেণ্ড আৰু লাইটবেণ্ডত পোৱা যায়।2. ডাক বেণ্ড আৰু লাইটবেণ্ডত পোৱা নাযায়।2. খুব কম মাত্ৰাত ডাক বেণ্ড আৰু লাইটবেণ্ডত পোৱা যায়।
3. অৱস্থান – হাত, ভৰি।3. অৱস্থান- পাচন নলী, জৰায়ু, হাওঁফাওঁৰ ব্ৰংকাই।3. অৱস্থান- হৃদযন্ত্ৰত।

১৩। এটা আদৰ্শ স্নায়ুকোষৰ চিণ্হিত চিত্ৰ আঁকা।

উত্তৰ : এটা আদৰ্শ স্নায়ুকোষৰ চিণ্হিত চিত্ৰ –

১৪। তলত দিয়া কলা সমূহৰ নাম লিখা :

ক) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?

খ) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে ?

গ) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে ?

ঘ) আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি ?

ঙ) জুলীয়া আধাৰ দ্ৰৱ্য থকা সংযোজক কলাবিধৰ নাম কি ?

চ) মস্তিষ্কত কি কলা থাকে ?

উত্তৰ : ক) সৰল ছটীয়া আচ্ছাদক কলা।

খ) টেণ্ডন।

গ) ফ্লোৱেম।

ঘ) মেদকলা।

ঙ) তৰল সংযোজক কলা- তেজ।

চ) স্নায়ুকলা।

১৫। আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?

উত্তৰ : ছটীয়া আচ্ছাদক কলাৰে ।

১৬। তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা :

ছাল, অস্থি, বৃক্কৰ আৱৰণ।

উত্তৰ : ছাল- ছটীয়া আচ্ছাদক কলা ।

অস্থি- কংকাল কলা।

বৃক্কৰ আৱৰণ- স্তম্ভাকৃতিৰ আচ্ছাদক কলা (চিলিয়া যুক্ত)

১৭। তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা :

উত্তৰ :

Write a comment