কলা(আৰম্ভনি)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-6)

  • ভাজক কলা :

বিভাজনক্ষম কোষৰ সমষ্টি :

কলাস্থানকাৰ্য
1. অগ্ৰস্থউদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশ।কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে।
2. পাৰ্শ্বীয়কাণ্ডৰ পাৰ্শ্ব অংশ।ই কাণ্ডৰ কলেৱৰ বৃদ্ধি কৰে।
3. নিবেশিতউদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে।নতুন ঠাল ঠেঙুলিৰ বৃদ্ধি।
  • প্ৰাণী কলা

বহল অৰ্থত কলাক চাৰিটা ভাগত ভাগ কৰা হৈছে।

1. আচ্ছাদক কলা, 2. সংযোজক কলা,    3. পেশী কলা,   4. স্নায়ু কলা

1. আচ্ছাদক কলা : প্ৰাণী দেহৰ বাহ্যিক আৱৰণ খনেই আচ্ছাদক কলা। প্ৰাণী দেহৰ ছাল এবিধ আচ্ছাদক কলাৰ উদাৰহণ।

প্ৰকাৰউদাহৰণ  
সৰল ছটীয়া(পাতল,চেপেটা)ৰক্তবাহকৰ অন্ত:আৱৰণী, হাওঁফাওঁৰ বায়ুথলী।  
স্তৰীভূত ছটীয়াগ্ৰাসনলী, মুখগহ্বৰৰ ভিতৰৰ আৱৰণ।  
স্তম্ভাকৃতি(ছিলিয়াযুক্ত)শ্বাসনলী, ভিলাই।  
ঘনকাকাৰবৃক্কনলীৰ আভ্যন্তৰ।  
ষড়ভূজীয়লালটি গ্ৰন্থি।  

2. সংযোজক কলা : দেহৰ বিভিন্ন অংগৰ মাজত সংযোগ কৰে। কোষ মধ্যৱৰ্তী স্থান। কোষবোৰ আধাৰ দ্ৰৱ্যত পোত খাই থাকে। উদাহৰণ- এৰিওলাৰ কলা, মেদকলা, অস্থি, টেণ্ডন, লিগামেন্ট, উপাস্থি, তেজ।

*তেজ : তেজৰ অৰ্ধ জুলীয়া আধাৰ দ্ৰৱ্যক প্লাজমা বোলে। ইয়াত বিভিন্ন ৰক্তকোষ, যেনে – লোহিত ৰক্তকণিকা, শ্বেত ৰক্ত কণিকা, অনুচক্ৰিকা, শ্বেত ৰক্তকণিকা, অনুচক্ৰিকাবোৰ ওপঙি থাকে। বিভিন্ন প্ৰকাৰৰ প্ৰটিন লৱন আৰু হৰমন আদি ইয়াত থাকে। তেজে অক্সিজেন, কাৰ্বনডাই অক্সাইড, পাচিত খাদ্য, হৰমন, ৰেচন দ্ৰৱ্য আদি দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰে।

*অস্থি : অস্থি সমূহে প্ৰাণীদেহৰ ভাৰ বহন কৰে তথা দেহৰ আকৃতি প্ৰদান কৰে। দেহৰ পেশী সমূহ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীদেহৰ অংগ-প্ৰতংগসমূহ সৃষ্টি কৰে।

3. পেশী কলা : দীঘলীয়া পেশীতন্ত্ৰৰে গঠিত। অংগ পৰিচালনাত সহায় কৰে।

ক) ঐচ্ছিক পেশী/কংকাল         খ) অনৈচ্ছিক পেশী         গ) হৃদপেশী

4. স্নায়ু কলা : প্ৰাণীৰ ঊদ্দীপনী, অনুভূতি আদি দেহৰ এঠাইৰ পৰা আন এঠাইলৈ কঢ়িয়াই নিয়া। প্ৰাণীৰ মস্তিস্ক, স্নায়ুৰজ্জু আদি এইবোৰ কোষেৰে গঠিত। স্নায়ুকোষ বা নিউৰণ লগলাগি স্নায়ু কলা গঠন হয়। স্নায়ুকোষ মূলত: দেহকোষ আৰু স্নায়ুপ্ৰবৰ্ধৰে গঠিত।

Write a comment