এছিড ক্ষাৰক আৰু লৱণ (পাঠভিত্তিত প্ৰশ্ন আৰু উত্তৰ)

দশম শ্ৰেণী বিজ্ঞান অধ্যায়-২

প্ৰশ্নাৱলী- ১

১।তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

উত্তৰ : তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। এটা লিটমাছ কাগজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে পৰীক্ষানলী বোৰত থকা দ্ৰৱণত ৰঙা লিটমাছ কাগজ যোগ কৰা হ’ল। যি পৰীক্ষানলীত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছ নীলা হ’ব,  সেইটো দ্ৰৱ হ’ব ক্ষাৰকীয়। এতিয়া বাকী থকা নলী দুটাত আকৌ এই নীলা লিটমাছটো যোগ কৰিলে যদি লিটমাছ কাগজটো ৰঙা হ’য়, তেন্তে সেইনলীৰ দ্ৰৱটো হ’ব আম্লিক। তৃতীয় পৰীক্ষানলীৰ দ্ৰৱত লিটমাছ কাগজৰ বৰণৰ কোনো পৰিবৰ্তন নহয়। অৰ্থাৎ তৃতীয়নলীত আছে পাতিত পানী।

প্ৰশ্নাৱলী- ২

১। দৈ আৰু টেঙা খাদ্য বস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰ : দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে, পাত্ৰৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে। সেইকাৰণে দৈ আৰু টেঙা খাদ্য বস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়।

২। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

উত্তৰ : ধাতুবোৰে এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

যেনে: Zn(s) + 2HCl(aq)  → ZnCl2(aq) +H2(g)

হাইড্ৰ’জেন গেছৰ উপস্থিতিৰ পৰীক্ষা :

    জলন্ত কাঠৰ শলা এডাল পৰীক্ষা নলীৰ মুখত ধৰিলে যদি কাঠিডাল নিৰ্বাপিত হয় কিন্ত্ত নলীত থকা গেছ জ্বলি থাকে, তৈৰী হোৱা গেছ হাইড্ৰ’জেন গেছ।

৩। এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উত্পন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উত্পন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্ত্তলিত সমীকৰণটো লিখা।

উত্তৰ : ধাতুৰ যৌগ (A) হ’ব CaCO3

নিৰ্গত হোৱা গেছ হ’ল : CO2

সমতুল ৰাসায়নিক সমীকৰণ :

CaCO2(s) + 2HCl(aq) → CaCl2(aq) + CO2(aq) + CO2(g) + H2O(l)

প্ৰশ্নাৱলী- ৩

১। জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্ত্ত এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?

উত্তৰ : HCl, HNO3 ইত্যাদি এছিডবোৰৰ জলীয় দ্ৰৱত H+ আয়ন থাকে কিন্ত্ত এলক’হল আৰু গ্লুক’জৰ দ্ৰৱত কোনো H+ আয়ন নাথাকে। সেয়েহ, এছিডসমূহ আম্লিক কিন্ত্ত ক্ষাৰসমূহ আম্লিক ধৰ্ম নেদেখুৱায়।

২। এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুত্ পৰিবহন কৰে?

উত্তৰ : যেতিয়া পানীত এছিড মিশ্ৰিত কৰা হয়, তেতিয়া দ্ৰৱটো আয়নিত হয় আৰু এই আয়ন থকাৰ বাবে দ্ৰৱণৰ মাজেৰে বিদ্যুত্ প্ৰবাহিত হয়য

৩। শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়?

উত্তৰ : কেৱল জলীয় মাধ্যমত HCl এছিড আয়ন সৃষ্টি কৰিব পাৰে, কিন্ত্ত শুষ্ক মাধ্যমত নোৱাৰে। সেইবাবে শুষ্ক লিটমাছ কাগজৰ কোনো বৰ্ণৰ পৰিবৰ্তন নহয়।

৪। এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্ত্ত পানী এছিডত যোগ কৰিবলৈ কোৱা নহয়?

উত্তৰ : যেতিয়া এছিড আৰু পানী মিশ্ৰিত কৰা হয়, তেতিয়া বিক্ৰিয়াটো অধিকভাৱে গৰম হয় আৰু ফলত বিস্ফ’ৰণ ঘটিব পাৰে। সেই বাবে এছিড পানীত লাহে লাহে ঢালি দিয়া হয় যাতে উত্পন্ন তাপ পানী শোষণ কৰিব পাৰে আৰু দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা কম হয়।

৫। এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H3O+) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয়?

উত্তৰ : যেতিয়া এছিডৰ দ্ৰৱক পানী মিশ্ৰিত কৰি পাতল কৰা হয়, তেতিয়া এছিডৰ পৰা H+ আয়ন বৰ্জিত হয় আৰু H2O আৰু H3O+ লগত লগলাগি আয়নৰ পৰিমাণ বৃদ্ধি কৰে।

৬। ছ’ডিয়াম হাইড’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব?

উত্তৰ : ক্ষাৰক পানীৰ লগত মিশ্ৰিত কৰিলে একক আয়তনত OH আয়নৰ গাঢ়তা হ্ৰাস পায়।

প্ৰশ্নাৱলী- ৪

১। তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ PH ৰ মান 6 আৰু B ৰ  PH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰ : PH =6 থকা দ্ৰৱটো হ’ব আম্লিক আৰু PH =8 থকা দ্ৰৱটো হ’ব ক্ষাৰকীয়। দ্ৰৱ A ত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি।

২। দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?

উত্তৰ : যি দ্ৰৱনত হাইড্ৰজেন আয়নৰ (H+) ৰ গাঢ়তা বেছি, সেই দ্ৰৱটোৰ প্ৰকৃতি আম্লিক হ’ব?

৩। ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?

উত্তৰ : ক্ষাৰকীয় দ্ৰৱৰও H+ আয়ন থাকে, কিন্ত্ত OH+ আয়নৰ সংখ্যা বেছি থকাত ক্ষাৰকীয় দ্ৰৱৰ প্ৰকৃতি ক্ষাৰকীয়।

৪। মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?

উত্তৰ : যেতিয়া এটা শস্যক্ষেত্ৰত এছিডৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া কৃষকৰ উচিত শস্যক্ষেত্ৰত CaO বা CaCO3 বা Ca(OH)2 প্ৰয়োগ কৰা, যাতে এছিডৰ প্ৰশমন ঘটে।

প্ৰশ্নাৱলী- ৫

১। যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?

উত্তৰ : CaOCl2 ৰ সাধাৰণ নাম ব্লিচিং পাউদাৰ আৰু ৰাসায়নিক নাম হ’ল কেলছিয়াম অক্সি ক্ল’ৰাইড।

২। ক্ল’ৰিনৰ সৈতে বিক্ৰয়া কৰালে ব্লিচিং পাউদাৰ উত্পন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰ : যেতিয়া কেলছিয়াম হাইড্ৰ’ক্সাইড [Ca(OH2)] ক্ল’ৰিনৰ লগত ৰাসানিক বিক্ৰিয়া ঘটে, তেতিয়া ব্লিচিং পাউদাৰ উত্পন্ন হয়।

    Ca(OH)2 +   Cl2  →   CaOCl2   +   H2O

৩। কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰ : ছ’ডিয়াম কৰ্বনেট (Na2CO3)।

৪। ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া?

উত্তৰ : ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড পোৱা যায়।

    2NaHCO3  তাপ→     Na2CO3   +   H2O +   CO2

৫। প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলা এটা সমীকৰণ লিখা।

উত্তৰ : ৰাসায়নিক সমীকৰণটো হ’ল :

    CaSO4.1/2H2O  +   1⅟2H2O    →   CaSO4.2H2O

    প্লাষ্টাৰ অব পেৰিছ                  জিপছাম

Write a comment