এচিড ক্ষাৰক আৰু লৱণ (অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

দশম শ্ৰেণী বিজ্ঞান অধ্যায়-২

১। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত PH হ’ব পাৰে-

a) 1     b) 4     c) 5     d) 10

উত্তৰ : d) 10 

২। এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উত্পন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে-

a) NaCl  b) HCl   c) LiCl   d) KCl

উত্তৰ : b) HCl

৩। NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱ এটাৰ 8ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCL দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব

a) 4ml   b) 8ml   c) 12ml  d) 16ml

উত্তৰ : d) 16ml

৪। অজীৰ্ণতাৰ চিকিত্সাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

a) এন্টিবায়টিক  b) বেদনানাশক  c) অম্লনাশক        d) বীজাণুবাৰক

উত্তৰ : c) অম্লনাশক

৫। সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্ত্তলিত সমীকৰণ লিখা যেতিয়া-

a) লঘু ছালফিউৰিক এচিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

b) লঘু হাইড্ৰ’ক্লৰিক এচিডে মেগনিছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে।

c) লঘু ছালফিউৰিক এচিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে।

d) লঘু হাইড্ৰ’ক্লৰিক এচিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

উত্তৰ : a) লঘু ছালফিউৰিক এচিড + যিংক → যিংক ছালফেট + হাইড্ৰজেন গেছ

=> H2SO4(aq) + Zn → ZnSO4(aq) + H2(g)

b) লঘু হাইড্ৰ’ক্লৰিক এচিড + মেগনিছিয়াম → মেগনিছিয়াম ক্ল’ৰাইড + হাইড্ৰজেন গেছ

=> 2HCl(aq) + Mg  → MgCl2(aq) + H2(g)

c) লঘু ছালফিউৰিক এচিড + এলুমিনিয়াম → এলুমিনিয়াম ছালফেট + হাইড্ৰজেন গেছ

=> 3H2SO4(aq) + 2Al(s) → Al2(SO4)3(aq) + 3H2(g)

d) লঘু হাইড্ৰ’ক্লৰিক এচিড + লো → ফেৰাছ ক্ল’ৰাইড + হাইড্ৰজেন গেছ

=> 6HCl(aq) + 3Fe(s) → 3FeCl2(aq) + 3H2(g)

৬। এলক’হল আৰু গ্ল’কজৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্ত্ত সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰ : পদ্ধতি : i) 100ml আয়তনৰ এটা বিকাৰ লোৱা হ’ল। ই কৰ্কৰ ওপৰত স্থাপন কৰা হ’ল। দুটা লোৰ গজাল লোৱা হ’ল।

ii) গজাল দুডালক বেটাৰী, বাল্ব আৰু চাবিৰ লগত সংযোগ কৰা হ’ল।

iii) বিকাৰটোত প্ৰথমে ইথানল যোগ কৰি পৰ্যবেক্ষণ কৰা হ’ল। আকৌ গ্লক’জ যোগ কৰি পৰ্যবেক্ষণ কৰা হ’ল।

পৰ্যবেক্ষণ : আধান প্ৰৱাহিত নোহোৱাত বাল্বটো জ্বলা নাই।

সিদ্ধান্ত : পৰীক্ষাটোৰ পৰা দেখা পোৱা গ’ল যে গ্লক’জ আৰু ইথানল আয়নিত হোৱা নাই, অৰ্থাত্ H+ আয়ন এৰি দিয়া নাই। ফলস্বৰুপে সিহঁতে বিদ্যুত্ প্ৰৱাহিত নকৰে।

৭। পাতিত পানীয়ে বিদ্যুত্ সৰবৰাহ নকৰে কিন্ত্ত বৰষুণৰ পানীয়ে কৰে কিয়?

উত্তৰ : পাতিত পানী হ’ল বিশুদ্ধ পানী। ই আয়ন গঠন নকৰে। কিন্ত্ত বৰষুণৰ পানীত এছিড আৰু নানাধৰণ অশুদ্ধি থাকে, যি আয়ন মুক্ত কৰে। গতিকে আয়ন মুক্ত নকৰাৰ বাবে পাতিত পানী বিদ্যুত্ প্ৰৱাহিত নকৰে কিন্ত্ত বৰষুণৰ পানীৰ মাজেৰে বিদ্যুত্ প্ৰৱাহিত হয়।

৮। পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

উত্তৰ : পানীত দ্ৰৱীভূত নকৰা এছিড H+ আয়ন এৰি নিদিয়ে কিন্ত্ত এছিড জলীয় দ্ৰৱ H+ আয়ন মুক্ত কৰে। ফলস্বৰূপে, পানী মিশ্ৰিত এছিডৰ মাজেৰে বিদ্যুত্ প্ৰৱাহিত হয়।

৯। পাঁচটা দ্ৰৱ A,B,C,D আৰু EফHHhhlfvanskgre ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্ৰমে 4,1,11,7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ

a) প্ৰশম

b) তীব্ৰ ক্ষাৰকীয়

c) তীব্ৰ আম্লিক

d) মৃদু আম্লিক

e) মৃদু ক্ষাৰকীয়

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH মানবোৰ সজোৱা।

উত্তৰ : a)D, b)C, c)B, d)A, e)E

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ ক্ৰমিক বৃদ্ধিৰ ওপৰ ভিত্তি কৰি PH ৰ মান হ’ব : 11 <9 <7 <4 <1 অৰ্থাত্, C<E<D<A<B

১০। পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল B ত এচিটিক এচিড যোগ কৰা হ’ল। এেছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

উত্তৰ : HCl এছিড থকা পৰীক্ষানল A ত ফোঁচ-ফোঁচ শব্দ হয়। কাৰণ HCl এচিড, এছিটিক এছিডতকৈ তীব্ৰ আৰু মেগনেছিয়াম ফিটা আৰু HCl এচিডৰ ৰাসায়নিক বিক্ৰিয়া, মেগনেছিয়াম ফিটা আৰু এছি্টিক এছিডৰ বিক্ৰিয়াতকৈ বেছি দ্ৰুত গতিত ঘটে।

১১। কেঁচা গাখীৰৰ PH ৰ মান 6। ই দৈত পৰিণত হ’লে PH সলনি হ’বনে? ব্যাখ্যা কৰা।

উত্তৰ : যেতিয়া গাখীৰ দৈত পৰিণত হয়, তেতিয়া লেক্টিক এচিড সৃষ্টি হয় আৰু PH ৰ মান 6 ৰ তললৈ নামি যায়?

১২। এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।

(a) কিয় তেওঁ কেচাঁ গাখীৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।

(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?

উত্তৰ : (a) এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে আৰু ইয়াৰ ফলত গাখীৰ তাজা আৰু ক্ষাৰকীয় হয়। অৰ্থাত্ গাখীৰ বহু সময়ৰ বাবে ঠিক থাকে।

(b) গাখীৰ দৈ লৈ পৰিণত হোৱাৰ বাবে বেছি সময় লাগে। কাৰণ ক্ষাৰকীয় কৰাৰ বাবে বেকিং ছ’ডা দিয়া হয় আৰু বিক্ৰিয়াৰ ফলত লেকটিক এছিড তৈৰী হয়। এই এছিড, ক্ষাৰৰ দ্বাৰা প্ৰশমিত হয় আৰু ইয়াৰ পিছত লাহে লাহে আম্লিক হৈ, দৈত পৰিণত হয়।

১৩। প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

উত্তৰ : প্লাষ্টাৰ অব পেৰিছ, বায়ুৰোধক বন্ধ পাত্ৰত ৰখা হয়। ইয়াৰ কাৰণ হ’ল সেমেকা বতৰত বা পানীৰ উপস্থিতিত ই জীপছামলৈ ৰূপান্তৰিত হয় আৰু ফলস্বৰূপে প্লাষ্টাৰ অব পেৰিছ ইয়াৰ ধৰ্ম হেৰুৱায়।

১৪। প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

উত্তৰ : প্ৰশমন বিক্ৰিয়া : যি বিক্ৰিয়াত এছিড আৰু ক্ষাৰে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে তাক প্ৰশমন বিক্ৰিয়া বোলে।

উদাহৰণস্বৰুপে-(i)NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)

(ii) CH3COOH(aq) + NaOH(aq) → CH3COONa + H2O(l)

কাপোৰ ধোৱা ছডাৰ ব্যৱহাৰ :

i) পানীৰ স্থায়ী খৰতা আঁতৰোৱাবৰ বাবে ব্যৱহাৰ হয়।

ii) গ্লাছ, চাবোন আৰু কাগজ তৈয়াৰ কৰাত ব্যাৱহাৰ কৰা হয়।

বেকিং ছডাৰ ব্যাৱহাৰ :

i) বেকাৰীত ব্যৱহাৰ কৰা হয়।

ii) ছ’ডা এছিড অগ্নি-নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা

Write a comment