আমাৰ চাৰিওকাষৰ বস্তুবোৰ(অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

অধ্যায় – ১

1। তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা-

(a) 293 k                   (b) 407 k

উত্তৰ : চেন্টিগ্ৰেট বা ছেলছিয়াছ স্কেলত 0C =273k

(a)293k উষ্ণতা, ছেলছিয়াছ স্কেলত হব –

= (293-273) 0C

= 200C

(b) 407k উষ্ণতা, ছেলছিয়াছ স্কেলত হব –

= (407-273) 0C

= 197 0C

2। তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা-

(a) 25 0C        (b) 3730C

উত্তৰ : (a) 25 0C উষ্ণতা কেলভিন স্কেলত হব –

= (25+273) k

=298 k

(b) 3730C উষ্ণতা কেলভিন স্কেলত হব –

= (373+273) k

=646 k

3। কাৰণ দৰ্শোৱা-

  • খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকীয়া হয়।
  • দূৰৈৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰ : (a) নেফথেলিন এটা উদ্বায়ী বস্তু। সেয়েহ নেফথেলিন সম্পূৰ্ণৰুপে বাষ্পীভূত হয়। ফলত খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকীয়া হয়।

(b) কাৰণ গোন্ধজাত পদাৰ্থত উদ্বায়ী দ্ৰাৱক থাকে আৰু ই মনোহৰ গোন্ধ বহন কৰে। গোন্ধজাত পদাৰ্থৰ কণাবোৰৰ গতিশক্তি খুব বেছি হোৱাৰ বাবে গোন্ধ মানুহৰ ওচৰলৈ খুব সোনকালে যাব পাৰে।

4। কণি্কাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন

উত্তৰ : উৰ্দ্ধক্ৰমত –

অক্সিজেন <  পানী < চেনি

5। তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?

(a) 250C        (b) 00C             (c) 1000

উত্তৰ : (a) তৰল           (b) বৰফ           (c) গেছ

6।যুক্তি দৰ্শাই ব্যাখ্যা কৰা-

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন।

উত্তৰ : (a) পানীৰ এটা নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকাৰ নাই। ইয়াক যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰেই আকাৰ ধাৰণ কৰে।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন বস্তু। ইয়াৰ কাৰণ হ’ল-

(ক) ই এটা অনমনীয় বস্ত্ত আৰু সংকোচনশীল নহয়।

(খ) ইয়াৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে।

7। 273 k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?

উত্তৰ : এটা বস্তু যেতি্য়া তাপ বৰ্জন কৰে, তেতিয়া বস্তুটো ঠাণ্ডা হয়। 273 k উষ্ণতাত বৰফ মাধ্যমৰ পৰা গুপ্ত তাপ গ্ৰহণ কৰি পানীত পৰিণত হয় আৰু ইয়াৰ পাছত উচ্চ উষ্ণতাত পানীলৈ পৰিণত হয় গতিকে 273 k উষ্ণতাত বৰফ ভৌতিক অৱস্থাত আহে কিন্তু 273 k উষ্ণতাত পানীৰ অৱস্থাৰ কোনো পৰিবৰ্তন নহয়। গতিকে মাধ্যমৰ পৰা কম তাপশক্তি শোষন কৰে।

8। উতলা পানী আৰু পানীৰ ভাপ কোনটোৱে বেছি পুৰিব ?

উত্তৰ : জলীয় বাষ্পই পুৰিলে বেছি পুৰিব । কাৰণ 1000C উষ্ণতাত জলীয় বাষ্পৰ তাপ = 1000C উষ্ণতাত পানীৰ তাপ + পানীৰ বাষ্পীভৱনৰ লীনতাপ অৰ্থাত্ 1000C উষ্ণতাত জলীয় বাষ্পৰ তাপ, 1000C উষ্ণতাত পানীৰ তাপতকৈ বেছি। সেয়ে গৰম পানীৰে পুৰাতকৈ জলীয় বাষ্পই পুৰিলে বেছি ক্ষতি হ’ব।

9। অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A,B,C,D,E আৰু F ৰ নাম দিয়া।

উত্তৰ :  A= গলন।

B= বাষ্পীভৱন।

C= ঘনীভৱন।

D= কঠিনীভৱন।(স্ফটিকীকৰণ)

E= ঊৰ্ধপাতন।

F= ঊৰ্ধপাতন।

Leave a Comment

Your email address will not be published. Required fields are marked *