আমাৰ চাৰিওকাষৰ বস্তুবোৰ (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায়- ১

প্ৰশ্নাৱলী – ১

১। তলৰ কোনবোৰ পদাৰ্থ ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস।

উত্তৰ : পদাৰ্থ : চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয়।

২। তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।

উত্তপ্ত অৱস্থাত থকা বস্ত্তৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্ত্ত ঠাণ্ডা বস্ত্তৰ গোন্ধ পাবলৈ বস্ত্তটোৰ ওচৰত যাব লাগে।

উত্তৰ: এটা বস্ত্তৰ উষ্ণতা বৃদ্ধি হ’লে ইয়াৰ কণা সমূহৰ গতিশক্তি বৃদ্ধি পায়। গতিকে এটা গৰম বস্ত্তৰ গোন্ধ বহু দূৰৰ পৰা পোৱা যায়। কিন্ত্ত চেঁচা বস্ত্তৰ গোন্ধ পাবলৈ বস্ত্তটোৰ ওচৰত যাব লাগে। চেঁচা বস্ত্তৰ কণা সমূহৰ গতিশক্তি গেছীয় পদাৰ্থৰ কণাসমূহতকৈ কম।

৩। এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?

উত্তৰ: এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। কাৰণ পানীৰ ক্ষেত্ৰত পানীৰ অণুবোৰৰ আন্ত:আনৱিক বল কম।

৪। পদাৰ্থৰ কণাবোৰৰ বৈশিষ্ঠ্য বিলাক কি কি ?

উত্তৰ: পদাৰ্থৰ কণাবোৰৰ বৈশিষ্ঠ্য –

ক) পদাৰ্থৰ কণাসমূহ অনবৰত গতি কৰি থাকে।

খ)পদাৰ্থৰ কণাসমূহৰ মাজত ব্যাৱধান থাকে। ইয়াক আন্ত:আনৱিক ব্যৱধান বোলে।

গ) পদাৰ্থৰ কণাসমূহৰ মাজত এটা আকৰ্ষণ বল বিৰাজ কৰে। ইয়াক আন্ত:আনৱিক আকৰ্ষণ আকৰ্ষণ বোলে।

প্ৰশ্নাৱলী -২

১। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। তলৰ পদাৰ্থবোৰক ঊৰ্ধ্বক্ৰমত সজোৱা—

বায়ু, চিমনিৰ পৰা উলোৱা ধোঁৱা, মৌ, পানী, কপাহ আৰু লো।

উত্তৰ: পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰম –

বায়ু < চিমনিৰ পৰা উলোৱা ধোঁৱা < কপাহ < পানী < মৌ < লো

২।(ক) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ :

কঠিনতৰলগেছীয়
নিদিৰ্ষ্ট চাপ আৰু উষ্ণতাত কোনো কঠিন পদাৰ্থৰ আকাৰ বা আয়তন নিদিৰ্ষ্ট থাকে।নিদিৰ্ষ্ট চাপ আৰু উষ্ণতাত তৰল পদাৰ্থৰ নিদিৰ্ষ্ট আয়তন আছে কিন্ত্ত নিদিৰ্ষ্ট আকাৰ নাই।গেছীয় পদাৰ্থৰ কোনো নিদিৰ্ষ্ট আকাৰ বা আয়তন নাই।
বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে।যি পাত্ৰত ৰখা যায়, সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।গেছীয় পদাৰ্থক যি পাত্ৰত ৰখা যায়, সেই পাত্ৰৰ আকাৰ আ»Ó আকৃতি ধাৰণ কৰে।

(খ) তলৰ বিষয় বিলাকৰ উপৰত মন্তব্য দিয়া –

     দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহীতা, আকাৰ, গতিশক্তি আ»Ó ঘনত্ব।

উত্তৰ :

বৈশিষ্ট্যকঠিন পদাৰ্থতৰল পদাৰ্থগেছীয় পদাৰ্থ
দৃঢ়তাদৃঢ়তা খুব বেছি।দৃঢ়তা খুব কম।দৃঢ়তা নাই।
সংকোচনশীলতানগন্য।কম।বেছি।
প্ৰবাহীতাপ্ৰবাহীত নহয়।প্ৰবাহীত হয় উচ্চ ঠাইৰ পৰা নিম্ন ঠাইলৈ।সকলো দিশতে প্ৰবাহীত হয়।
আকাৰনিদিৰ্ষ্ট আকাৰ আছে।যি পাত্ৰত ৰখা যায়, সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।নিদিৰ্ষ্ট কোনো আকাৰ নাই।
গতিশক্তিকঠিন পদাৰ্থৰ কণাৰ গতিশক্তি অতি কম।কঠিন পদাৰ্থতকৈ তৰল পদাৰ্থৰ গতিশক্তি বেছি।গেছীয় পদাৰ্থৰ কণাৰ গতিশক্তি খুব বেছি।
ঘনত্বঘনত্ব খুব বেছি।কঠিন পদাৰ্থতকৈ তৰল পদাৰ্থৰ ঘনত্ব।ঘনত্ব সকলোতকৈ কম।

৩। কাৰণ দৰ্শোৱা –

ক) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।

উত্তৰ : কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। কাৰণ গেছত থকা কণিকা সমূহৰ মাজত থকা আকৰ্ষণ বল অতি কম, যাৰ ফলত কণিকাবোৰ সকলোপিনে গতি কৰিব পাৰে। অৰ্থাত্ কণিকাবোৰৰ গতিশক্তি খুব বেছি।

(খ) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।

উত্তৰ: গেছৰ অনুবোৰ সকলো দিশে ইচ্ছামতে গতি কৰে। গতি কৰাৰ সময়ত পৰস্পৰক খুন্দা মাৰে। যি পাত্ৰত গেছ ৰখা হয়, সেই পাত্ৰৰ বেৰত কণিকাবোৰ খুন্দা মাৰে আৰু ফলত পাত্ৰৰ বেৰৰ ওপৰত স্থিৰ বল প্ৰয়োগ হয়। পাত্ৰৰ বেৰত প্ৰতি বৰ্গক্ষেত্ৰৰ ওপৰত প্ৰয়োগ কৰা বলক চাপ বোলে। গেছে এইদৰে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।

(গ) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি।

উত্তৰ: কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। কাৰণ কাঠৰ কণিকাবোৰ স্থিৰ আৰু কাঠৰ নিদিৰ্ষ্ট আকৃতি, আয়তন আছে।

(ঘ) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্ত্ত কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰ: বায়ুৰ কণিকাবোৰৰ মাজত পাৰ্থক্য খুব বেছি হোৱাত আকৰ্ষণ কম হয়। সেই কাৰণে আমি বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্ত্ত কাঠৰ তৈয়াৰী বা কাঠ এডোখৰত ঘূৰাব নোৱাৰো কাৰণ কণিকাবোৰৰ মাজত ফাক বেছি নহয়, ফলত সিহঁতৰ কণিকাবোৰৰ মাজত আকৰ্ষণ খুব বেছি।

৪। কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্ত্ত দেখিছেনে – বৰফ পানীত ওপঙে, কিয় বা»Ó ?

উত্তৰ: তৰল পদাৰ্থৰ ঘনত্ব কঠিন পদাৰ্থতকৈ কম, কিন্ত্ত বৰফ কঠিন পদাৰ্থ হোৱা চৰ্তেও পানীত ওপঙি থাকে। ইয়াৰ কাৰণ বৰফ সম-আয়তন পানী আপেক্ষে পাতল। 11 ঘন cm পানীৰ ওজন  12 ঘন cm বৰফক পানীত ডুবালে 12 ঘন cm পানীৰ ওজন বৰফ আপেক্ষে বেছি হোৱাত বৰফৰ ওপৰত মুঠ ঊৰ্ধ্বচাপ বেছি হয়, ফলত বৰফ পানীত ওপঙি থাকে।

প্ৰশ্নাৱলী – ৩

১। তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা –

(ক)  300k                           (খ)    573k

উত্তৰ: চেন্টিগ্ৰেট বা ছেলছিয়াছ স্কেলত 0C=273k

(ক)300k উষ্ণতা, ছেলছিয়াছ স্কেলত হব –

= (300-273) 0C

= 270C

(b) 573k উষ্ণতা, ছেলছিয়াছ স্কেলত হব –

= (573-273) 0C

= 300 0C

২। তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব-

(ক)2500C   (খ)1000C

উত্তৰ: (ক)2500C উষ্ণতাত পানী গেছীয় অৱস্থাত থাকিব।

(খ)1000C উষ্ণতাত পানী তৰল আৰু গেছীয়।

৩।কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?

উত্তৰ: এটা পদাৰ্থৰ অৱস্থান্তৰ ঘটাৰ সময়তে উষ্ণতাৰ কোনো পৰিবৰ্তন নঘটে। এই অৱস্থা্ন্তৰ ঘটাৰ কাৰণে তাপশক্তি দৰকাৰ, কিন্ত্ত সেই শোষিত তাপশক্তি থাৰ্মোমিটাৰত ধৰা নপৰে। এই তাপ অৱস্থান্তৰ কৰাৰ কাৰণে খৰচ কৰা হৈছে। এই তাপ হল লীন তাপ। ইয়াৰ অৰ্থ এই যে ই কণা সমূহৰ গতিশক্তি বৃদ্ধি নকৰে। সেই কাৰণে বস্ত্তৰ অৱস্থান পৰিবৰ্তনৰ সময়ত উষ্ণতাৰ পৰিবৰ্তন নঘটে।

৪। বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।

উত্তৰ: বায়ুমণ্ডলীয় গেছ তৰললৈ পৰিবৰ্তন কৰাৰ কাৰণে কণাসমূহৰ মাজৰ ব্যৱধান কমাব লাগিব। চাপ বৃদ্ধি বা উষ্ণতা হ্ৰাস কৰি বায়ুমণ্ডলীয় গেছ তৰললৈ পৰিবৰ্তন কৰিব পাৰি।

প্ৰশ্নাৱলী-৪

১। Desert cooler এটাই শুষ্ক গৰম দিনত ভালতকৈ ঠাণ্ডা কৰে কিয় ?

উত্তৰ : পানীৰ বাষ্পীভৱনৰ ফলত মৰুভূমিৰ আৱহাওয়া ঠাণ্ডা হয়।গৰম আৰু শুকান সময়ত মৰুভূমিৰ আৱহাওয়া ঠাণ্ডা অনুভৱ হোৱাৰ কাৰণ গৰম দিনত উচ্চ উষ্ণতা পানীৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰি দিয়ে আৰু বায়ুৰ শুষ্কতাও পানীৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰে অৰ্থাত পানীৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধিৰ ফলত মৰুভূমিৰ আৱহাওয়া ঠাণ্ডা কৰে।  

২। গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?

উত্তৰ : কাৰণ মাটিৰ পাত্ৰত অসংখ্য সৰু সৰু ছিদ্ৰ থাকে আৰু ছিদ্ৰপথে পানীৰ কণাবোৰ বাহিৰ হৈ আহে, ভিতৰৰ পানীৰ পৰা নিৰ্গত তাপ পানীৰ কণাবোৰক বাষ্পীভূত কৰে। ফলস্বৰুপে মাটিৰ পাত্ৰৰ পানীখিনি ঠাণ্ডা হয়।

৩। হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় ?

উত্তৰ : কাৰণ এইবোৰৰ কণাসমূহ হাতৰ তলুৱাৰ পৰা তাপশক্তি শোষন কৰি বাষ্পীভূত হয়। ফলস্বৰুপে হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয়।

৪। গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?

উত্তৰ : কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি হোৱাৰ বাবে প্লেটত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰ কাপত থকা চাহ বা গাখীৰৰ বাষ্পীভৱনৰ হাৰতকৈ বেছি হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়। ফলত গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ।

৫। গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?

উত্তৰ : গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে। গ্ৰীষ্মকালত আমাৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়, ফলত ঠাণ্ডা অনুভৱ কৰো অৰ্থাত্ আৰামদায়ক হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *