আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে (পাঠভিক্তিক প্ৰশ্ন আৰু উত্তৰ)

অধ্যায়-২

পদাৰ্থ : আমাৰ চাৰিওফালৰ আমি দেখি থকা আৰু ব্যৱহাৰৰ বস্তুবোৰ যিহেৰে তৈয়াৰী সেইবোৰক পদৰ্থ বুলি কোৱা হয়।যিকোনো পদাৰ্থ কিছুমান অনু-পৰমানুৰে গঠিত।

মিশ্ৰণ : দুটা বা ততোধিক মৌলিক, যৌগিক অথবা উভয়ে যিকোনো ওজন অনুপাতৰ সংমিশ্ৰণে যি প্ৰদাৰ্থ সৃষ্টি হয় তাক মিশ্ৰ পদাৰ্থ বা মিশ্ৰণ বুলি কোৱা হয়। যেনে – চেনি আৰু বালিৰ মিশ্ৰণ।

দ্ৰৱ   : দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক আমি দ্ৰৱ বা দ্ৰৱণ বুলি কওঁ। দ্ৰৱ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয়। দ্ৰৱ এটাত যিটো উপাদানে অন্য উপাদানক দ্ৰৱীভূত কৰে আৰু যিটো উপাদানৰ পৰিমান বেছি তাক দ্ৰাৱক বুলি কোৱা হয়। অন্য উপাদানটোক দ্ৰাৱ্য বুলি কোৱা হয়।

কলয়ডীয় দ্ৰৱ : কলয়ডীয় দ্ৰৱ এটাৰ কণিকাবোৰ খালী চকুৰে দেখা নাযায় আৰু তৰলটোৰ পৰা সহজে পৃথক কৰিব নোৱাৰি। কলয়ডীয় দ্ৰৱ অস্বচ্ছ হয়।

টিণ্ডেল প্ৰভাৱ : কলয়ডীয় দ্ৰৱ এটাৰ মাজেৰে সূৰ্যৰ পোহৰ বা যিকোনো পোহৰ ৰশ্মি পাৰ হলে সেই ৰশ্মি পথত দ্ৰৱটোৰ কণিকাবোৰ দেখা যায়। ইয়াক টিণ্ডেল প্ৰভাৱ বোলা হয়।

প্ৰলম্বন    : যি অসমসত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তেনে মিশ্ৰণক প্ৰলম্বন বুলি কোৱা হয়। নোজোকোৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলত গোট খায়গৈ।

তৰলটো সাৱধানে বাকী প্ৰলম্বন এটাৰ কণিকাবোৰক পৃথক কৰিব পাৰি।

প্ৰশ্নাৱলী ১      : (Page: 15)

১। পদাৰ্থ বুলিলে কি বুজায় ?

উত্তৰ : আমাৰ চাৰিওফালৰ আমি দেখি থকা আৰু ব্যৱহাৰৰ বস্তুবোৰ যিহেৰে তৈয়াৰী সেইবোৰক পদৰ্থ বুলি কোৱা হয়।

২। সমসত্ব আৰু অসমসত্ব সিশ্ৰণৰ সিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা।

উত্তৰ : (ক)সমসত্ব মিশ্ৰণ এটাৰ সংযুতি ইয়াৰ ইয়াৰ সকলো অংশতে সমান হয় আনহাতে অসমসত্ব সিশ্ৰণ এটাৰ সংযুতি সকলো অংশতে সমান নহয়।

(খ) সমসত্ব মিশ্ৰণৰ উদাহৰণ চেনি বা নিমখ আৰু পানীৰ মিশ্ৰণ আনহাতে অসমসত্ব মিশ্ৰণৰ উদাহৰণ চক পেঞ্চিলৰ টুকুৰা কিছুমান আৰু সমান পৰিমানৰ পটেছিয়াম পাৰমাংগেনেটৰ মিশ্ৰণ।

প্ৰশ্নাৱলী ২      : (Page: 18)

২। কলয়ড, দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি ?

উত্তৰ :

কলয়ডদ্ৰৱণপ্ৰলম্বন
কণিকাবোৰ খালী চকুৰে দেখা নাযায়।কণিকাবোৰ খালী চকুৰে দেখা নাযায়।কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায়
দ্ৰৱণ এটা অসমসত্ব মিশ্ৰণ।দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ।দ্ৰৱণ এটা অসমসত্ব মিশ্ৰণ।

৩। 293 K উষ্ণতাত 100 ml পানীত 36 g ছডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।

উত্তৰ : ছডিয়াম ক্লৰাইড (দ্ৰাৱ্য) ৰ ভৰ = 36 g

দ্ৰাৱক (পানী)ৰ ভৰ = 100 g

দ্ৰৱৰ ভৰ = দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ

            = 36 g + 100 g

            = 136 g

এতেকে, গাঢ়তা =  দ্ৰাৱ্যৰ ভৰ / দ্ৰৱৰ ভৰ  x 100

                        = 36/136 x 100

                        = 26.47 %

প্ৰশ্নাৱলী ৩     : (Page: 24)

১। কেৰাছিন আৰু পেট্ৰলৰ (ইহঁতৰ উতলাংকৰ পাৰ্থক্য 25Error! Filename not specified.তকৈ বেছি।) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?

উত্তৰ : কেৰাছিন আৰু পেট্ৰলৰ মিশ্ৰণ এটা পাতন প্ৰক্ৰিয়াৰে কেৰাছিন আৰু পেট্ৰলক পৃথক কৰিব পাৰি।

(i) মিশ্ৰণটা পাতন ফ্লাক্সত ভৰাই লৈ গৰম কৰা হ’ল।

(ii) গৰম কৰাৰ ফলত দেখা গ’ল যে পেট্ৰলখিনি বাষ্পীভূত হৈছে আৰু বাষ্পখিনি ফ্লাক্সৰ বাহিৰলৈ ওলাই গৈ শীতকৰ মাজেদি পাৰ হওঁতে ঠাণ্ডা হৈছে।

(iii) পিছত গ্ৰহক পাত্ৰক পাত্ৰত বাষ্পখিনি গোট খোৱা দেখা পোৱা গৈছে আৰু গোটা পদাৰ্থখিনি পাতন ফ্লাক্সত ৰৈ গৈছে।

(iv) কেৰাছিন আৰু পেট্ৰলৰ মিশ্ৰণটোৰ কেৰাচিন অংশটো প্ৰথমে গ্ৰাহক পাত্ৰত গোট খাইছে আৰু কেৰাচিন খিনি আঁতৰ হোৱাৰ পাছতহে পেট্ৰলখিনি সংগ্ৰহ কৰা হয়।

২। তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।

(i) দৈৰ পৰা মাখন। (ii) সাগৰৰ পানীৰ পৰা নিমখ। (iii) নিমখৰ পৰা কৰ্পূৰ।

উত্তৰ : (i) অপকেন্দ্ৰীক পদ্ধতি।

     (ii) বাষ্পীভৱন।

     (iii) ঊৰ্ধপাতন।

৩। স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?

উত্তৰ : সমসত্ব মিশ্ৰণ। যেনে – সাধাৰণ নিমখৰ দ্ৰৱ আৰু কপাৰ ছালফেটৰ দ্ৰৱ।

প্ৰশ্নাৱলী ৪      : (Page: 24)

১। তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন ?

গছকটা, কেৰাহি এখনত মাখন গলি যোৱা, আলমাৰীত মামৰে ধৰা, পানী উতলাই জলীয় ভাপ কৰা, পানীৰ মাজেদি বিদ্যুত্ প্ৰৱাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উত্পন্ন হোৱা, পানীত নিমখ দ্ৰৱীভূত কৰা, কেচাঁ ফলৰ পৰা চালাড প্ৰস্তুত কৰা, কাগজ আৰু কাঠ পুৰিলে।

উত্তৰ : ৰাসায়নিক পৰিবৰ্তন : আলমাৰীত মামৰে ধৰা, পানীৰ মাজেদি বিদ্যুত্ প্ৰৱাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উত্পন্ন হোৱা, কাগজ আৰু কাঠ পুৰিলে।

ভৌতিক পৰিবৰ্তন : এখনত মাখন গলি যোৱা, গছকটা, পানী উতলাই জলীয় ভাপ কৰা,  পানীত  নিমখ দ্ৰৱীভূত কৰা, কেচাঁ ফলৰ পৰা চালাড প্ৰস্তুত কৰা ।

২।তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ বা মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।

উত্তৰ : বিশুদ্ধ প্ৰদাৰ্থ : সোণ, ৰূপ, পানী, চেনী, সাধাৰণ নিমখ ইত্যাদি।

মিশ্ৰণসমূহ : বায়ু, মৃদুপানী, পিতল, মাটি ইত্যাদি।

Write a comment