আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে (Important Question Answer)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-2)

১। ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তনৰ প্ৰভেদ লিখা।

উত্তৰ :

ভৌতিক পৰিবৰ্তনৰাসায়নিক পৰিবৰ্তন
1. ভৌতিক পৰিবৰ্তন অস্থায়ী।1. ৰাসায়নিক পৰিবৰ্তন স্থায়ী।
2. কোনো পদাৰ্থৰ ধৰ্মৰ পৰিবৰ্তন নহয় কেৱল অৱস্থাৰহে পৰিবৰ্তন হয়।2. পদাৰ্থৰ ধৰ্মৰ পৰিবৰ্তন ঘটে।
3. এনে পৰিবৰ্তনত নতুন কোনো পদাৰ্থৰ উত্পন্ন নহয়। যেনে- পানীক চেচাঁ কৰিলে গোট মাৰি বৰফলৈ পৰিবৰ্তন হয়।3. এনে পৰিবৰ্তনত নতুন পদাৰ্থৰ উত্পন্ন হয়। যেনে- লোত মামৰ ধৰা।

২। টিণ্ডেল প্ৰভাৱ কি ?

উত্তৰ : কলয়ডীয় দ্ৰৱ এটাৰ মাজেৰে সূৰ্যৰ পোহৰ বা যিকোনো পোহৰ ৰশ্মি পাৰ হ’লে সেই ৰশ্মি পথত দ্ৰৱটোৰ কণিকাবোৰ দেখা যায়। ইয়াক টিণ্ডেল প্ৰভাৱ বোলা হয়।

৩। সংপৃক্ত দ্ৰৱ কি?

উত্তৰ : যি দ্ৰৱত দ্ৰাৱ্য পদাৰ্থৰ গাঢ়তা বড়াই থাকিলেও দ্ৰাকটোক দ্ৰৱীভূত কৰাটো কঠিন হয়, তেনে দ্ৰৱই হৈছে সংপৃক্ত দ্ৰৱ।

৪। বৰ্ণলেখন কাক বোলে?

উত্তৰ : যি পদ্ধতিৰে বিভিন্ন বৰণৰ ৰঞ্জকবোৰ পৃথক কৰা হয়, সেই পদ্ধতিটোক বৰ্ণলেখন বুলি কোৱা হয়।

৫। বৰ্ণলেখন পদ্ধতিৰে পৃথক কৰিব পৰা তিনিটা মিশ্ৰণৰ উদাহৰণ দিয়া।

উত্তৰ : বৰ্ণলেখন পদ্ধতিৰ সহায়ত পৃথক কৰিব পৰা তিনিটা মিশ্ৰণৰ উদাহৰণ হৈছে-

ক) তেজত থকা এমিন’এছিডবোৰ,

খ) প্ৰাকৃতিক পদাৰ্থৰ পৰা ৰঞ্জকবোৰ,

গ) তেজৰ পৰা মাদক দ্ৰৱ্যসমূহ।

৬। সংকৰ ধাতু কি?

উত্তৰ : সংকৰ ধাতু হৈছে দুই বা ততোধিক ধাতুৰ মিশ্ৰণ বা এটা ধাতু আৰু এটা অধাতুৰ মিশ্ৰণ। উদাহৰণস্বৰুপে – লো আৰু কাৰ্বনৰ মিশ্ৰণ।

৭। দ্ৰাৱক কাক বোলে ?

উত্তৰ : এটা দ্ৰৱত যিটো উপাদানে অন্য উপাদানক দ্ৰৱীভূত কৰে আৰু যিটো উপাদানৰ পৰিমাণ অধিক হয় তাকে দ্ৰাৱক, বোলা হয়।

৮। ঊৰ্ধপাতন প্ৰক্ৰিয়া কি?

উত্তৰ : যি প্ৰক্ৰিয়াৰ সহায়ত অনুদ্বায়ী আৰু উদ্বায়ী পদাৰ্থৰ মিশ্ৰণৰ উপাদানবোৰ পৃথক কৰিব পাৰি, তাক ঊৰ্ধপাতন প্ৰক্ৰিয়া বোলা হয়।

৯। বায়ুত কাৰ্বন দহন কৰিলে কি পোৱা যায়?

উত্তৰ : বায়ুত কাৰ্বন দহন কৰিলে কাৰ্বন ডাই অক্সাইড পোৱা যায়।

১০। পাতন প্ৰক্ৰিয়া কি ?

উত্তৰ : যি প্ৰক্ৰিয়াৰ সহায়ত মিশ্ৰ এটাৰ তৰল উপাদানৰ উতলাংকৰ ওপৰত ভিত্তি কৰি মিশ্ৰণটোৰ পৰা তৰল পদাৰ্থক পৃথক কৰা হয়, তাক পাতন প্ৰক্ৰিয়া বোলা হয়।

Write a comment