অণু আৰু পৰমাণু (পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ)

নৱম শ্ৰেণী বিজ্ঞান (অধ্যায়-3)

প্ৰশ্নাৱলী-১

১। বিক্ৰিয়া এটাত 5.3g ছডিয়াম কাৰ্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উত্পাদিত দ্ৰৱ্যবোৰ আছিল 2.2g কাৰ্বন ডাই অক্সাইড, 0.9g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে।

উত্তৰ : ছডিয়াম কাৰ্বনেটে + ইথানয়িক এছিড → ছডিয়াম ইথানয়েট + কাৰ্বন ডাই অক্সাইড + পানী

ছডিয়াম কাৰ্বনেটেৰ ভৰ = 5.3g

ইথানয়িক এছিড ভৰ = 6.0g

বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ = (5.3+6.0)g

                 = 11.3g

বিক্ৰিয়কৰ পিছত,

    ছডিয়াম ইথানেটৰ ভৰ = 8.2g

    পানীৰ ভৰ =0.9g

আৰু কাৰ্বন ডাই অক্সাইডৰ ভৰ = 2.2g

বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ = (8.2+0.9+2.2)g

                 = 11.3g

ওপৰৰ বিক্ৰিয়াৰ পৰা দেখা যায় যে বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ, বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ সমান। এতেকে এই পৰ্যবেক্ষণ জড় পদাৰ্থৰ নিত্যতা সূত্ৰৰ সত্যতা নিৰ্ধাৰণ কৰে।

২। হাইড্ৰ’জেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উত্পন্ন কৰে। 3g হাইড্ৰ’জেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিলে কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ’ব?

উত্তৰ : 2H2 + O2 → 2H2O

1g হাইড্ৰ’জেন, (8×3)g = 24g অক্সিজেনৰ লগত বিক্ৰিয়া কৰে।

৩। ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল?

উত্তৰ : ডেল্টনৰ পৰমাণুবাদৰ ২য় স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল।

৪। ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে?

উত্তৰ : ডেল্টনৰ পৰমাণুবাদৰ ৫ম স্বীকাৰ্য্যই স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে।

প্ৰশ্নাৱলী-২

১। পাৰমাণৱিক ভৰ এককৰ সজ্ঞা দিয়া।

উত্তৰ : 12C পৰমাণুৰ ভৰৰ 1/3 অংশক এক পাৰমাণৱিক ভৰ একক বোলা হয়।

২। খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?

উত্তৰ : কাৰণ ইয়াৰ আকাৰ অতি ক্ষুদ্ৰ। ইয়াৰ ব্যাসাৰ্ধ 10-10 মিটাৰ পৰা আৰম্ভ হৈছে।

প্ৰশ্নাৱলী-৩

১। সংকেত লিখা

  • ছডিয়াম অক্সাইড
  • এলুমিনিয়াম ক্লৰাইড

(iii) ছডিয়াম ছালফাইড

  • মেগনেছিয়াম হাইড্ৰ’ক্সাইড

উত্তৰ :

(I) চিণ্হ      Na2      O

আধান          1        2  

সংকেত         Na2O

(II) চিণ্হ      Al       Cl

আধান         3        2

সংকেত         AlCl3

(III) চিণ্হ      Na       S

আধান         1        2

সংকেত         Na2S

(IV) চিণ্হ     Mg       OH

আধান         2        1

সংকেত         Mg(OH)2

২। তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা :

(i) Al2(SO4)3

(ii) CaCl2

(iii) K2SO4

(iv) KNO3

(v)CaCO3

উত্তৰ : (i)  এলুমিনিয়াম ছালফেট।

(ii) কেলছিয়াম ক্লৰাইড।

(iii) পটাছিয়াম নাইট্ৰেড।

(iv) পটাছিয়াম ছালফেড।

(v)কেলছিয়াম কাৰ্বনেট।

৩। ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ?

উত্তৰ : মৌলিক বা যৌগিক কোনো পদাৰ্থৰ অণুক যিসকল প্ৰতীক সমষ্টিৰ দ্বাৰা সংক্ষেপে প্ৰকাশ কৰা হয় তাকে পদাৰ্থৰ সংকেত বা ৰাসায়নিক সংকেত বোলে।

যেনে : হাইড্ৰজেনৰ সংকেত H2

৪। (i) H2S অণু আৰু

(ii) PO3-4 আয়নত কেইটাকৈ পৰমাণু আছে।

উত্তৰ : (i)  H2S অণুত 2 পৰমাণু হাইড্ৰজেন +1 পৰমাণু অক্সিজেন = 3 পৰমাণু H2S

(ii) PO3-4 আয়নত 1 পৰমাণু ফছফৰাছ +4 পৰমাণু অক্সিজেন = 5 পৰমাণু PO3-4

Leave a Comment

Your email address will not be published. Required fields are marked *