অণু আৰু পৰমাণু (অণুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ)

Class 9 অণুশীলনী -3

১। অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগৰ শতকৰা সংযুতি গণনা কৰা ।

উত্তৰ : 0.24g যৌগত আছে 0.096g ব’ৰণ।

এতেকে, 100g যৌগত আছে = বৰণৰ ওজন / নমুনাৰ ওজন x 100

                 = 0.096 x 100 / 0.24

                 = 40%

again, 0.24g যৌগত আছে = 0.144 x 100 / 0.24 = 60% অক্সিজেন।

২। 3.0g কাৰ্বন 8.00g অক্সিজেনৰে সৈতে দহণ কৰাত 11.00g কাৰ্বন ডাই অক্সাইড উত্পন্ন হ’ল। 3.00g কাৰ্বন 50.00g অক্সিজেনত দহণ কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হব ? ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব?

উত্তৰ : ১ম ক্ষেত্ৰত, 3.0g কাৰ্বন, 8.0g অক্সিজেনত দহন হলে 11g CO2 তৈৰী হয়।

২য় ক্ষেত্ৰত, 3.0g কাৰ্বন, 8.0g অক্সিজেনত দহন হলে 11g CO2 গঠিত হয়। ই অৰ্থ হ’ল যে (50-8) = 42g অক্সিজেন বিক্ৰিয়াত অংশ গ্ৰহণ নকৰে। ওপৰৰ তথ্যৰ পৰা জনা যায় যে  কাৰ্বন আৰু অক্সিজেৰ বিক্ৰিয়াৰ সময়ত পৰমাণুৰ সৰল সংখ্যাৰ অণুপাতত মিলিত হয়।

৩। বহু পাৰমাণিক আয়নবোৰ কি? উদাহৰণ দিয়া।

উত্তৰ : যিবোৰ আয়নত এটাৰ অধিক পৰমাণু থাকে আৰু স্বতন্ত্ৰ এককৰ দৰে আচৰণ কৰে, সেইবোৰক বহু পাৰমাণিক আয়ন বোলে।

যেনে :  ছালফেট আয়ন, SO42-

এমোনিয়াম আয়ন,NH4+

৪। তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা।

(ক)মেগেছিয়াম ক্লৰাইড

(খ)কেলছিযাম অক্সাইড

(গ)কপাৰ নাইট্ৰেট

(ঘ) এলুমিনিয়াম ক্লৰাইড

(ঙ) কেলছিয়াম কাৰ্বেট।

উত্তৰ : (ক) MgCl2

(খ)CaO

(গ)Cu(NO3)2

(ঘ)AlCl3

(ঙ)CaCO3

৫। তলৰ যৌগবোৰত থকা মৌলবোৰৰ নাম দিয়া-

(ক)পোৰা চূণ

(খ)হাইড্ৰজেন ব্ৰমাইড

(গ)বেকিং পাউডাৰ

(ঘ) পটাছিয়াম ছালফেট

উত্তৰ : ক)কেলছিয়াম আৰু অক্সিজেন, CaO

(খ)হাইড্ৰজেন ব্ৰমাইড, HBr

(গ)ছডিয়াম, হাইড্ৰজেন, কাৰ্বন আৰু অক্সিজে, NaHCO3

 ঘ)K2SO4

৬। তলৰ পদাৰ্থবোৰৰ মলাৰ ভৰৰ গণনা কৰা-

ক)ইথাইন, C2H2

খ)ছালফাৰ অণু, S8

গ)ফছফৰাছ অণু, P4

ঘ)হাইড্ৰক্লৰিক এছিড, HCl

ঙ)নাইট্ৰিক এছিড, HNO3

উত্তৰ : ক) 2×12 + 2×1 = 26 a.m.u

খ) 8×32 = 256 a.m.u

গ) 4×31 = 124 a.m.u

ঘ) 1+35.5 = 36.5 a.m.u

ঙ) 1+14+3×16 = 1+14+48 = 63 a.m.u

৭। ভৰ কিমান –

ক) 1 ম’ল নাইট্ৰ’জেন পৰমাণুৰ ?

খ) 4 ম’ল এলুমিনিয়াম পৰমাণুৰ ?

গ) 10 ম’ল ছডিয়াম ছালফেট(Na2SO3) পৰমাণুৰ ?

উত্তৰ : 1 ম’ল পৰমাণু = g পাৰমাণৱিক ভৰ।

ক) 1 ম’ল নাইট্ৰ’জেন পৰমাণু ভৰ = N ৰ পাৰমাণৱিক ভৰ।

                 = 14g

খ)1 ম’ল এলুমিনিয়াম পৰমাণু = Al ৰ পাৰমাণৱিক ভৰ।

 4 ম’ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 4 x Al ৰ পাৰমাণৱিক ভৰ।

                          = 4 x 27

                          = 108g

গ) 10 ম’ল Na2SO3 পৰমাণু = 10(2×23) + 32 + (3×16)

                      = 10(46+32+48)

                      = 1260g

৮। ম’ললৈ পৰিবৰ্তন কৰা-

ক) 12g অক্সিজেন গেছ

খ) 20g পানী

গ) 22g কাৰ্বন ডাই অক্সাইড

উত্তৰ : ক) অক্সিজেনৰ মলাৰ ভৰ = (2×16)g

মলৰ সংখ্যা = 12/32 = 0.375

খ) পানীৰ মলাৰ ভৰ = (1×2+16)g মল-1

                 = (2+16)g মল-1

                 =18g মল-1

এতেকে, পানীৰ মল সংখ্যা = 20/18

                 = 1.11 মল।

গ) কাৰ্বন ডাই অক্সাইডৰ মলাৰ ভৰ = (12+2×16)g মল-1

                          = 44g মল-1

এতেকে, 22g কাৰ্বন ডাই অক্সাইডৰ মল সংখ্যা = 22/44

                               = 0.50 ম’ল।

৯। ভৰ কিমান-

ক) 0.2 ম’ল অক্সিজেন পৰমাণুৰ ?

খ) 0.5 ম’ল পানীৰ অণুৰ ?

উত্তৰ : ক) 0.2 ম’ল অক্সিজেনৰ পাৰমাণৱিক ভৰ = ম’ল সংখ্যা x মলাৰ ভৰ

                               => m = n x M

অক্সিজেনৰ পাৰমাণৱিক ভৰ = 16u

এতেকে, অক্সিজেৰ ম’লাৰ ভৰ = 16g

এতেকে, m = 0.2 x 16

         = 3.2g

খ) 0.5 ম’ল পানীৰ আণৱিক ভৰ = ম’ল সংখ্যা x মলাৰ ভৰ

                      => m = n x M

পানীৰ ম’লাৰ ভৰ, m = 0.5 x 18

             = 9 g

১০। 16g গোটা ছালফাৰত থকা ছালফাৰ অণু(S8) ৰ সংখ্যা গণনা কৰা।

উত্তৰ : 1 ম’ল ছালফাৰ(S8)= S8 ৰ মলাৰ ভৰ = 8×32 = 256g

এতেকে, 1 ম’ল S8 ত 6.022 x 1023 টা পৰমাণু আছে।

    256 g S8 ত 6.022 x 1023 টা পৰমাণু আছে।

এতেকে, 16 g S8 ত থকা পৰমাণুৰ সংখ্যা =  6.022 x 1023 x 16 /256

                               = 3.76 x 1022 টা।

১১। 0.051g এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা-

উত্তৰ: এলুমিনিয়াম অক্সাইড, Al2O3 ৰ মলাৰ ভৰ = 2x 27+3×16

                                   = 102g

এতেকে, 102g Al2O3 ত 2x 6.022 x 1023 = 12.044 x 1023 টা Al3+ আয়ন আছে।

এতেকে, 0.051 g Al2O3 ত 12.044 x 1023 x 0.051 / 102

                 = 6.022 x 1020

Write a comment